/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-10/lsg0mne0/AP-FOR-WEB-new-format-copy.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ সীমান্তৱৰ্তী দীপা নৰ-নাৰী আৰু আমচি পথাৰৰ ১৪৫ টা পৰিয়াল ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম ঘটিছে। নিজ ৰাজ্যতে বহিৰাগত হোৱাৰ পথত খিলঞ্জীয়া ৰাইজ।
বিগত ৬০-৭০ বছৰে ধেমাজি জিলাৰ চিচিবৰগাওঁ ৰাজহ চক্ৰত খাজনা ভৰি ঘৰ বাৰী বনাই খেতি বাতি কৰি স্থায়ীভাৱে বসবাস কৰি আহিছে। দুয়োখন গাওঁতে আছে অসম চৰকাৰে সজোৱা অংগনবাদী কেন্দ্ৰ,স্কুল,মন্দিৰ,পানী যোগান আঁচনিৰ দৰে বহু চৰকাৰী আঁচনি।
পিছে দুয়োখন গাওঁৰ প্ৰায় এহেজাৰ বিঘা ভূমি অৰুণাচলৰ বুলি প্ৰদেশৰ আগ্ৰাসী লোকে দাবী জনাই আহিছে। অসমৰ প্ৰশাসনেও এই অঞ্চল 'ৰেড লাইন' অধীনস্থ বুলি বসুন্ধৰা ৩.০ সুবিধাৰ পৰা বঞ্চিত কৰিছে।
ইয়াকে লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ ভূমিতে অসমীয়াক বহিৰাগত কৰাৰ চক্ৰান্ত চলা বুলি ক্ষোভ প্ৰকাশ কৰি শীঘ্ৰে জৰীপ চলাই ৰাইজক ভূমি অধিকাৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ সীমান্তঞ্চলটোৰ ৰাইজে দাবী জনাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us