চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

author-image
Dimpul Borgohain
New Update
চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ মুখ পত্ৰ খোজ উন্মোচন কৰে অসম কবি সমাজৰ সহকাৰী সম্পাদক ভুবন দাসে । দিপামণি বকলে সম্পাদনা কৰা খোজৰ উন্মোচনী ভাষণত কবি ভুবন দাসে কয় যে বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত পৰিৱৰ্তনৰ ফল সাহিত্য ক্ষেত্ৰখনতো পৰিছে ।

Advertisment

ছপা সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি আৰু সময়ৰ অভাৱত মানুহ ছপা মাধ্যমৰ প্ৰতি কমি আহিছে আৰু ই সাহিত্যৰ কাষ চাপি আহিছে । ইয়াৰ আগতে পুৱা লেখিকা সমাৰোহ সমিতিৰ পতাকা উত্তোলন কৰে শাখা সভানেত্ৰী আইমণি গোহাঁই বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে সাংগঠনিক সম্পাদিকা কল্পনা গগৈয়ে ।

বন্তি প্ৰজ্বলন কৰে অন্য এগৰাকী সাংগঠনিক সম্পাদিকা ৰূপাঞ্জলি সেনচোৱাই । চিলাপথাৰ লেখিকা সমাৰোহ সমিতিৰ সদস্যাসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে মঞ্চ মুকলি কৰাৰ পিছত দুপৰীয়া ১২ বজাৰপৰা আইমণি গোঁহাই বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা । সভাখন আঁতধৰে শাখা সম্পাদিকা অঞ্জুমণি গগৈয়ে । নিৰ্দিষ্ট বক্তাৰ ভাষণ ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড° কবিতা গগৈয়ে কয় যে লেখিকাসকলে কবিতা; গল্প; প্ৰবন্ধ আদি লিখাৰ আগতে সেই বিষয়ত অধিক অধ্যয়ণ কৰাৰ দৰকাৰ ।

বিশিষ্ট অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা তথা লোকশ্ৰী বিমলা গগৈয়ে মনোগ্ৰাহী ভাষণৰ লগতে পুৰণি দিনীয়া বিহুনাম গাই সকলোকে আনন্দ দিয়ে । ইয়াৰ পিছতে ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ৰুক্মিনী বৰগোঁহাই; ৰাজ্যিক কৃতী শিক্ষক গোপাল চন্দ্ৰ দেৱ; অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ঘনকান্ত গগৈ আদিয়ে বিশিষ্ট অতাথি হিচাপে বক্তব্য প্ৰদান কৰা সভাখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ দেৱবালা বৰগোঁহাই; লাৱন্য হাজৰিকা; অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ভাগ্যৱতী দত্ত; কানন পেগু; সাংস্কৃতিক কৰ্মী ৰেণু বৰুৱা আদি উপস্থিত থাকে।

অনুষ্ঠানটোত আইমণি গোঁহাই বৰুৱা আৰু আৰতি বৰুৱাৰ নেতৃত্বত লেখিকাসকলে দিহিনাম পৰিবেশন কৰে । অৰ্ধ শতাধিক লেখিকা উপস্থিত থকা অনুষ্ঠানটোত শেষত পত্ৰিকা সম্পাদিকা দিপামণি বকলে শলাগৰ শৰাই আগবঢ়ায় । শেষত জাতীয় সংগীতেৰে সামৰণি পৰে ।

চিলাপথাৰ