/asomiyapratidin/media/media_files/2025/07/13/new-ap-web-3-6-2025-07-13-12-34-25.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ বিগত ৯ দিন ধৰি চিলাপথাৰৰ চিচিবৰগাঁৱৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী। চিচিবৰগাঁও চাৰিআলিৰ পৰা সন্ধানহীন হোৱা বোৱাৰী গৰাকী হৈছে চমিম আলীৰ ২৬ বছৰীয়া পত্নী মজিৰুণ বেগম। ৪ জুলাইৰ সন্ধিয়া ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে মজিৰুণ।
স্বামী চমীম আৰু পৰিয়ালৰ লোকে বিভিন্ন স্থানত বহু বিচাৰ-খোচাৰ কৰিও কোনো শুংসুত্ৰ উলিয়াব পৰা নাই বোৱাৰীগৰাকীৰ। উল্লেখযোগ্য যে, সন্ধানহীন বোৱাৰীগৰাকীৰ আছে এটি ৮বছৰীয়া সন্তান। নিৰুদ্দেশ সন্দৰ্ভত ইতিমধ্যে স্বামী চমিমে চিচিবৰগাঁও আৰক্ষীক জনাইছে যদিও বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই মহিলাগৰাকীৰ। কোনো লোকে সন্ধান পালে 8474019371 নম্বৰত অথবা কাষৰ আৰক্ষী থানাত খবৰ দিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।