/asomiyapratidin/media/media_files/2025/02/19/rbPCd3RHRanIgVRvbSJd.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ তাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ সোণাৰিত সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সংগঠনটোৰ এই কাণ্ডৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে।
উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহত ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক চিহ্ন জ্বলাই প্ৰতিবাদ কৰা টাইপাৰ এনে কাৰ্যৰ বিৰুদ্ধে তীব্ৰ নিন্দা জনাইছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাই।
মঙলবাৰে টাইপাৰ নেতা উদিপ্ত গগৈৰ লগতে টাইপাৰ বিৰুদ্ধে সংঘৰ জোনাই জিলা শাখাৰ সভাপতি বিমান শইকীয়া আৰু সম্পাদক লোকনাথ বৰদলৈয়ে চিলাপথাৰ আৰক্ষী থানাত লিখিত গোচৰ ৰুজু কৰে।
শ্ৰীমন্ত শংকৰদেৱ সংঘ গুৰুজনাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ ভেঁটিত ভাৰতবৰ্ষৰ প্ৰায় ২৭ টা জাতি জনগোষ্ঠীৰ লোকেৰে সংপৃক্ত হৈ গুৰুজনাৰ আদৰ্শৰে জাতি-ভেদহীন সুন্দৰ সমাজ গঠন কৰি অসমৰ জাতীয় জীৱন উজ্বলাই বিশ্বসমাদৃত জাতীয় অনুষ্ঠানলৈ পৰ্যবসিত হৈছে।
এনে এক আধ্যাত্মিক ধৰ্মীয় সংবিধান,প্ৰতীকচিহ্ন দাহ কৰা কৰ্মকাণ্ড কেতিয়াও সহ্য কৰা নহয়। এনে দুষ্কাৰ্য সংঘটিত কৰা টাইপাৰ নেতাগৰাকীৰ লগতে ঘটনাত জড়িত দোষীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সংঘৰ বিষয়ববীয়াই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us