অসম গ্ৰামীণ বিকাশ বেংকৰ বিষয়াৰ বিৰুদ্ধে ৪৫ লক্ষাধিক টকা আত্মসাতৰ অভিযোগ...

চিলাপথাৰ অঞ্চলৰ ডিমৌত আত্মসহায়ক গোটৰ ৪৫ লক্ষাধিক টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে বেংক মিত্ৰৰ বিৰুদ্ধে । দোষীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল আৰক্ষী চকী আৰু বেংক...

author-image
Asomiya Pratidin
New Update
11 photo

ডিজিটেল সংবাদ,চিলাপথাৰঃ  অসম গ্ৰামীণ বিকাশ বেংক চিলাপথাৰ ডিমৌ শাখাৰ বেংক মিত্ৰ জিন্টি বুঢ়াগোহাঁই চুতীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। জিন্টি বুঢ়াগোহাঁয়ে এটা আত্মসহায়ক গোটৰ পৰা ধন সংগ্ৰহ কৰি ধনখিনি বেংকত জমা নকৰি সমূদায় আত্মসাৎ কৰাৰ অভিযোগ উঠিছে।

Advertisment

জানিব পৰা মতে, আত্মসহায়ক গোটৰ মহিলা সকলে বেংকৰ পৰা লোৱা ঋনৰ কিস্তিৰ ধন জমা দিছিল বেংক মিত্ৰ জিণ্টি বুঢ়াগোহাঁই গগৈৰ হাতত। পিছে মহিলা গৰাকীয়ে এই ধন বেংকত জমা নকৰি সমূদায় ধন আত্মসাৎ কৰে। গোট সমূহে জমা কৰা ধনৰ পৰিমাণ প্ৰায় ৪৫ লক্ষাধিক হ'ব বুলি হ'ব সদৰি কৰিছে। 

ঘটনা সংক্ৰান্তত জিন্তিৰ লগতে বেংক শাখাটোৰ বিষয়া কৰ্মচাৰী জৰিত থকাৰ অভিযোগ তুলি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাই যোৱা ১১ জুনতে ডিমৌ আৰক্ষী চকী এজাহৰ দাখিল কৰে। কিন্তু আজিলৈকে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত সোমবাৰে আৰক্ষী চকীত প্ৰতিবাদ জনাই পৰিৱেশ উত্তাল কৰি তোলে। 

চিলাপথাৰ