/asomiyapratidin/media/media_files/2025/02/12/xhigxgA6QSzBt3ujGLS9.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ অন্য এক কৃষি ভিত্তিক উৎসৱ হ'ল পঃৰাগ উৎসৱ। মিচিং লোকৰ অধ্যুষিত চিলাপথাৰৰ চিলি ভগৱান গাঁৱৰ ৰাইজে মিচিং জনজাতি সকলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি পৰম্পৰাগত ৰীতি-নীতিৰে গাঁওবাসীয়ে ধুমধামেৰে ফাগুন মাহৰ ২৬,২৭, আৰু ২৮ তাৰিখে পালন কৰিব এই উৎসৱ।
মঙলবাৰে মিচিং জনগোষ্ঠীৰ উপাস্য দেৱতা সূৰ্য-চন্দ্ৰৰ,উপৰি পুৰুষ সকলক সেৱা কৰি,সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাগত পূজা অৰ্চনাৰে সম্পন্ন কৰে পঃৰাগৰ মুৰংঘৰ উদ্বোধন আৰু লাইখুটা স্থাপন পৰ্ব।সম্পূৰ্ণ ৫ বছৰৰ পিছত পুনৰ আয়োজন কৰা অনুষ্ঠানত দেখা গ'ল ঢ়োল তাল আৰু ঐনিতমৰে ৰজনজনোৱা উখল মাখল পৰিৱেশ।
ভগৱান মিচিং গাঁৱৰ উন্নয়ন সমিতি আৰু ভগৱান নৱজ্যোতি যুৱক সংঘৰ উদ্যোগত আৰু পঃৰাগ উদযাপন সমিতিৰ সহযোগত আয়োজিত পঃৰাগ উৎসৱৰ বাবে উক্ত মুৰংঘৰৰ চৌহদ নিকাকৰনৰ লগতে প্ৰয়োজনীয় বয় বস্তু যোগাৰত ব্যস্ত হৈ পৰিছে ৰাইজ। লাইখুটা স্থাপন অনুষ্ঠানত চিলাপথাৰ চিলি অঞ্চলৰ শ শ লোক অংশগ্ৰহণ কৰে।