Advertisment

সমষ্টি ভিত্তিক ক্ৰীড়া মহাৰণৰ বাবে সাজু চিলাপথাৰ

প্ৰতিযোগিতাৰ প্ৰস্তুতিক লৈ আয়োজক সমিতিৰ কাম-কাজ অগ্ৰগতিক লৈ অনুষ্ঠিত হৈছে আলোচনা। চিলাপথাৰ ক্রীড়া সন্থাৰ সহযোগত আয়োজিত এই খেল মহাৰণত ইণ্ডোৰ আৰু আউট দ'ৰ অন্তৰ্গত বিভিন্ন খেলা অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
w

ডিজিটেল সংবাদ,ধেমাজিঃ  ধেমাজি জিলাৰ নৱগঠিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিত শনিবাৰৰ পৰা খেল মহাৰণ ২.০। চিলাপথাৰৰ তিনিখন খেল পথাৰত অনুষ্ঠিত হ'ব খেল মহাৰণ। উদযাপন সমিতিৰ বৈঠক অনুষ্ঠিত।

Advertisment

ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ আহ্বান মৰ্মে ধেমাজি জিলাৰ নৱ গঠিত ৭৯ নং চিচিবৰগাঁও বিধানসভা সমষ্টিত অহা ২১ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ'ব সমষ্টি ভিত্তিত খেল মহাৰণ ২.০। বিভাগীয় কৰ্তৃপক্ষই মূল খেলপথাৰ হিচাপে চিলাপথাৰ মহাবিদ্যালয়ৰ খেল পথাৰৰ লগতে চিলা জনজাতি হাইস্কুল আৰু ২ নং চিলাগাঁও খেলপথাৰত পৃথকে পৃথকে অনুষ্ঠিত কৰিব খেল। 

প্ৰতিযোগিতাৰ প্ৰস্তুতিক লৈ আয়োজক সমিতিৰ কাম-কাজ অগ্ৰগতিক লৈ অনুষ্ঠিত হৈছে আলোচনা। চিলাপথাৰ ক্রীড়া সন্থাৰ সহযোগত আয়োজিত এই খেল মহাৰণত ইণ্ডোৰ আৰু আউট দ'ৰ অন্তৰ্গত বিভিন্ন খেলা অনুষ্ঠিত হ'ব। কাৰ্যসূচী অনুসৰি ২১ ডিচেম্বৰৰ পুৱা ক্ৰমে সামূহিক চাফাই,সভাপতি গকুল শইকীয়াৰ দ্বাৰা বৃক্ষৰ পুলি ৰোপনৰ পিছতে খেলুৱৈসকলৰ খেলপথাৰত প্ৰৱেশ আৰাম্ভ হ'ব।

১২ নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ পাছতেই খেলপথাৰ মুকলি কৰিব জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। ইয়াৰ পাছতেই, সাংস্কৃতিক দল সমূহৰ কৃষ্টি প্ৰদৰ্শন আৰু খেল বাচনি প্রতিযোগিতা আৰম্ভ হ'ব। চাৰিদিনীয়া কাৰ্যসূচীৰে পৃথক পৃথক ভাৱে তিনিওখন খেল পথাৰত অনুষ্ঠিত হ'ব খেলসমূহ। আনহাতে শেষৰ দিনা অৱসপ্ৰাপ্ত প্ৰধান শিক্ষক গকুল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব সামৰণি অনুষ্ঠান আৰু মুকলি সভা।

চিলাপথাৰ