/asomiyapratidin/media/media_files/2025/02/15/o3iep3hhUhfyxfsWumwq.jpg)
৫ দিনে সন্ধান নাই কলেজীয়া ছাত্ৰৰ
ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰৰ ২ নং মাজগাঁৱৰ ৰমেশ ৰয়ৰ পুত্ৰ ভাস্কৰ জ্যোতি ৰয় (২২) নামৰ কলেজীয়া ছাত্ৰগৰাকী আজি ৫ টা দিনে নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। চিলাপথাৰ পূৰ্বাঞ্চল কলেজৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ ভাস্কৰে যোৱা ১০ ফ্ৰেব্ৰুৱাৰীত চতুৰ্থ ষান্মাসিকৰ পৰীক্ষাৰ ৰিজাল্ট চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল। পিছে পুৱা প্ৰায় ৭ বজাত ঘৰৰ পৰা ওলাই যোৱা ছাত্ৰজন আজিলৈকে উভতি অহা নাই বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।
ইতিমধ্যে ছাত্ৰজনৰ সন্ধানত পৰিয়ালৰ লোকে বিভিন্ন প্ৰান্তত খা খবৰ কৰিছে যদিও এতিয়ালৈকে কোনো শুং-সুত্ৰ লাভ কৰা নাই। উপায়বিহীন পৰিয়ালৰ লোকে ঘটনাৰ সংক্ৰান্তত চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰিছে।
উল্লেখযোগ্য যে কোনো সদাশয় লোকে ছাত্ৰজনৰ সন্ধান পালে নিকটৱৰ্তী আৰক্ষী থানা অথবা 8638762254 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।