গাই নদীৰ ভয়ংকৰ ৰূপ, আতংকিত স্থানীয় ৰাইজ

ধাৰষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গাই নদীয়ে। অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা চিলাপথাৰ অঞ্চলৰ‌ মাজেৰে বৈ অহা নদীখন শনিবাৰে বিপদ সীমাৰ ওপৰেদি বৈ যোৱা দেখা গৈছে।

author-image
Asomiya Pratidin
New Update
FLOOD

ডিজিটেল সংবাদ, চিলাপথাৰঃ ধাৰষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গাই নদীয়ে। অৰুণাচল প্ৰদেশৰ লিকাবালিৰ পৰা চিলাপথাৰ অঞ্চলৰ‌ মাজেৰে বৈ অহা নদীখন শনিবাৰে বিপদ সীমাৰ ওপৰেদি বৈ যোৱা দেখা গৈছে। গাইনদী মথাউৰিৰ স্পৰ্শকাতৰ বেতনিপাম সাপেখাইতি অংশত কিছু সময় মথাউৰিৰ ওপৰেদি পানী বৈ যোৱা দেখি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। 

Advertisment

চিলাপথাৰ-চিচিবৰগাঁও অঞ্চলৰ ৰক্ষা কৱচ স্বৰূপ মথাউৰিটো সবল ৰূপত নিৰ্মাণ কৰি ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবী জনাইছে নৈপৰীয়া ৰাইজে। 

চিলাপথাৰ