নামনি চিলাসুতি গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্নঃ সভানেত্ৰী পদত কল্পনা দাস

চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ নতুনকৈ গঠন কৰা নামনি চিলাসুতি গাঁও পঞ্চায়তৰ নবগঠিত গাঁও পঞ্চায়ত সমিতিখনৰ সদস্যসকলে আজি চিচিবৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত শপত গ্ৰহণ কৰে

author-image
Asomiya Pratidin
New Update
নামনি চিলাসুতি গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্নঃ সভানেত্ৰী পদত কল্পনা দাস

ডিজিটেল সংবাদ চিলাপথাৰঃ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ নতুনকৈ গঠন কৰা নামনি চিলাসুতি গাঁও পঞ্চায়তৰ নবগঠিত গাঁও পঞ্চায়ত সমিতিখনৰ আজি চিচিবৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ যায়। আজি চিচিবৰগাঁও উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা শপত গ্ৰহণ অনুষ্ঠানত নৱ নিৰ্বাচিত ৯ গৰাকী ৱাৰ্ড সদস্যই শপত গ্ৰহণ কৰে। 

Advertisment

শপতগ্ৰহণ অনুষ্ঠানত দণ্ডাধীশৰ উপস্থিতিত শপত বাক্য পাঠ কৰোৱায় চিচিবৰগাঁও উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়াই। উল্লেখযোগ্য যে কল্পনা দাসে দ্বিতীয় বাৰৰ বাবে চিলাসুতি পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। 

ইয়াৰ পূৰ্বে তেখেত এবাৰ পঞ্চায়তটোৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপেও নিৰ্বাচিত হৈছিল। এইবাৰো তেখেতে সম্পূৰ্ণ ৯ জন সদস্যৰ সন্মতিক্ৰমে সভানেত্ৰী নিৰ্বাচিত হৈছে বুলি জানিবলৈ দিছে। 

চিলাপথাৰ চিচিবৰগাওঁ