মুকলি হ'ল ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই প্ৰকৃতিপ্ৰেমী, পৰ্যটকলৈ সুখবৰ কঢ়িয়াই কোকৰাঝাৰত আনুষ্ঠানিকভাৱে মুকলি হ'ল নৱঘোষিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান।

author-image
Asomiya Pratidin
New Update
মুকলি হ'ল ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান

মুকলি হ'ল ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান

ডিজিটেল সংবাদ, কোকৰাঝাৰ: বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই প্ৰকৃতিপ্ৰেমী, পৰ্যটকলৈ সুখবৰ কঢ়িয়াই কোকৰাঝাৰত আনুষ্ঠানিকভাৱে মুকলি হ'ল নৱঘোষিত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান। পখিলাৰ বাবে বিখ্যাত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান বৃহস্পতিবাৰে দীঘিলিত আনুষ্ঠানিকভাৱে মুকলি কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে । 

Advertisment

৩১৬ বৰ্গ কিলোমিটাৰ মাটিকালিৰে আবৰি থকা ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পিছত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, "সমগ্ৰ বড়োলেণ্ড, ৰাজ্য তথা দেশৰ বাবে আজিৰ দিনটো বিশেষ মহত্বপূৰ্ণ হৈ ৰব কিয়নো আজিৰ দিনটোতেই আনুষ্ঠানিকভাৱে ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰা হ'ল। বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানে বিশেষ ভূমিকা গ্ৰহণ কৰিব" বুলি সদৰি কৰি প্ৰমোদ বড়োৱে ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান গঠনৰ ঘোষণা, কেবিনেট অনুমোদন আৰু বাজেট নিৰ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে।

তেওঁ লগতে সদৰি কৰে যে, "বিটিআৰ চৰকাৰে বড়োলেণ্ড গ্ৰীণ মিচনৰ জৰিয়তে প্ৰাকৃতিক পৰিৱেশ উন্নত কৰি সেউজীয়া আৰু প্ৰদুষণমুক্ত বিটিআৰ গঢ়াৰ কামত ব্ৰতী হৈছে আৰু ইতিমধ্যেই ১৪ লাখ অগৰু পুলি ৰোপন কৰা হৈছে। অকল ইমানেই নহয় মিয়াৱাকি ( Miyawaki  forest) কৌশল ব্যৱহাৰ কৰি কম ঠাইতে ঘন, জৈৱ বৈচিত্ৰপূৰ্ণ অৰণ্য সৃষ্টি কৰা হৈছে। বিটিচি সচিবালয়ৰ লগতে আন ঠাইতো এনে ধৰণে কম ঠাইত অৰণ্য গঢ়ি তোলাৰ প্ৰচেষ্ঠা গ্ৰহণ কৰা হৈছে। বড়োলেণ্ডত পূৰ্বতকৈ পৰিৱেশ সচেতনতা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি গ্ৰীণ, ক্লিন আৰু প্ৰদুষণমুক্ত বিটিআৰ গঢ়াৰ ক্ষেত্ৰত বিটিআৰ চৰকাৰ দায়বদ্ধ" বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। 

ইপিনে বিটিআৰ চৰকাৰে হিমালয়ৰ পাদদেশত উপলব্ধ বিশেষকৈ ছিখনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানত থকা পখিলা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই অনুযায়ী বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই উল্টাপানীত এটি পখিলাৰ মিউজিয়াম তথা সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰে। ছিখনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানত থকা প্ৰায় ২০০ বিধ প্ৰজাতিৰ পখিলা উক্ত পখিলাৰ মিউজিয়াম তথা সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰত উপলব্ধ হ'ব আৰু কেবাটাও দুষ্পাষ্প প্ৰজাতিৰ পখিলা মিউজিয়ামত ৰখা হ'ব। ভাৰত -ভূটান সীমান্তবৰ্তী এলেকা উল্টাপানীত আজি মুকলি হোৱা পখিলাৰ মিউজিয়াম তথা সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰই ভৱিষ্যতে দেশ-বিদেশৰ পৰ্যটকৰ লগতে বন্যপ্ৰেমী, শিক্ষাৰ্থী -গৱেষক সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব বুলি মন্তব্য কৰিছে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিধায়ক লৰেঞ্চ ইছলাৰীয়ে ।  

এই অনুষ্ঠানত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে ইয়াৰ পূৰ্বে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপন কৰা হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে গছপুলি ৰোপণ কৰে। ইয়াৰ পিছতে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত আইচিইউ মুকলি কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। লগতে ব্লাড বেংক মুকলি কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। 

প্ৰমোদ বড়ো কোকৰাঝাৰ বিশ্ব পৰিৱেশ দিৱস