/asomiyapratidin/media/media_files/2026/01/19/getrerw-2026-01-19-12-30-48.jpg)
ডিজিটেল ডেস্কঃ বিপদত পৰি অৰ্জুন, কৃষ্ণৰ নাম ললে বিতৰ্কিত শিখা শৰ্মাই। জুবিন গাৰ্গৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাৰ বাবে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। গৰিমা গাৰ্গে প্ৰথমখন এজাহাৰ মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চত দাখিল কৰাৰ পাছত জুবিন ফেন ক্লাৱে জিলাই জিলাই তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ সিদ্ধান্ত লৈছে।
নিশ্চিত বিপদৰ কথা অনুমান কৰি চতুৰ শিখা শৰ্মাই সামাজিক মাধ্যমত জয় শ্ৰীৰাম লিখি মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিস্ব শৰ্মাক অৰ্জুন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃষ্ণ সাজিলে। সোমবাৰে শিখাই সামাজিক মাধ্যমত লিখিলে- জয় শ্ৰীৰাম। হিমন্ত বিশ্ব শৰ্মা একবিংশ শতিকাৰ অৰ্জুন আৰু নৰেন্দ্ৰ মোডী আজিৰ কৃষ্ণ। আমাৰ অসমত উন্নয়নৰ ৰথ এতিয়া আকাশলৈ... ভাৰত মাতা কী জয়, জয় আই অসম।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-202-2026-01-19-12-19-55.jpeg)
এতিয়া লক্ষ্যণীয় হব শিখাৰ এই চতুৰালীয়ে কাম দিয়ে নে নিদিয়ে। আৰক্ষীয়ে বিতৰ্কিত শিখাক কেতিয়া গ্ৰেপ্তাৰ কৰে সেইয়া অৱশ্য়ে এতিয়াও জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us