/asomiyapratidin/media/media_files/2025/09/13/new-ap-web-4-5-2025-09-13-21-38-40.jpg)
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিয়লি মণিপুৰৰ পৰা নেপালবাসীলৈ বাৰ্তা প্ৰেৰণ কৰে। ইম্ফলত ভাষণ দি তেওঁ নেপালবাসীক উদ্দেশ্যি কয়, যোৱা সপ্তাহত নেপালত জেন-জেডৰ প্ৰতিবাদে পূৰ্বৰ অলি চৰকাৰখন উফৰাই পেলাই নেপালত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হোৱা বাবে সুশিলা কাৰ্কিক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে।
উল্লেখ্য যে, ২০২৩ চনত জাতিগত হিংসাৰ সূত্ৰপাত ঘটা উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত প্ৰথমবাৰৰ বাবে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী। দুয়োখন দেশৰ ঐতিহাসিক সম্পৰ্কক স্মৰণ কৰি ইম্ফলত নেপালৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।
তেওঁ কয়, "হিমালয়ৰ বুকুত থকা নেপাল আমাৰ ঘনিষ্ঠ বন্ধু। ইতিহাস আৰু বিশ্বাসৰ জৰিয়তে আমি সংযুক্ত হৈ আছো, আৰু আমি একেলগে আগবাঢ়িছো। ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ মই সুশিলা কাৰ্কিক নেপালৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনাইছো। মোৰ বিশ্বাস যে তেওঁ নেপালত শান্তি, স্থিতিশীলতা, সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব।"
তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শ্ৰীমতী কাৰ্কীৰ নিযুক্তিক মহিলা সবলীকৰনৰ উদাহৰণ বুলি অভিহিত কৰে। এনে অশান্ত পৰিস্থিতিত দেশখনত গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰা নেপালৰ প্ৰতিজন ব্যক্তিক তেওঁ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে, "নেপালত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনা সমূহৰ মাজতে মোৰ চকুত পৰিছিল, যোৱা কেইদিনমানৰ পৰা নেপালৰ যুৱক-যুৱতীসকলে ৰাজপথ পৰিষ্কাৰ কৰিছে। মই এইটো ছ'চিয়েল মিডিয়াতো দেখিছো। এয়া নেপালৰ পুনৰুত্থানৰ লক্ষণ। নেপালৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই মোৰ শুভেচ্ছা জনাইছো।"
ইয়াৰ পূৰ্বে তেওঁ কয় যে, "নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শ্ৰীমতী সুশিলা কাৰ্কীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছো। নেপালৰ জনসাধাৰণৰ শান্তি, প্ৰগতি, আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত দৃঢ়ভাৱে দায়বদ্ধ হৈ আছে।"
উল্লেখযোগ্য যে, যোৱা সপ্তাহত ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ পিছতে জেন জেডৰ ভয়ংকৰ প্ৰতিবাদৰ সাক্ষী হৈছিল নেপাল। বিগত কেইমাহমান ধৰি চলি থকা দুৰ্নীতি বিৰোধী প্ৰতিবাদে ৰাজপথত ক্ষোভ আৰু হিংসাৰ ৰূপ লৈছিল, যাৰ ফলত কেপি শৰ্মা অলি চৰকাৰৰ পতন ঘটিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us