দেশ জুৰি চৰ্চিত এক নৃশংস হত্যাকাণ্ড, ১৯ বছৰীয়া যুৱকৰ বুকু কঁপি উঠা কাহিনী…

দেশ জুৰি চৰ্চিত এক নৃশংস হত্যাকাণ্ড, ১৯ বছৰীয়া যুৱকৰ বুকু কঁপি উঠা কাহিনী…

author-image
asomiyapratidin
New Update
দেশ জুৰি চৰ্চিত এক নৃশংস হত্যাকাণ্ড, ১৯ বছৰীয়া যুৱকৰ বুকু কঁপি উঠা কাহিনী…

ডিজিটেল ডেস্ক: এতিয়াও অব্যাহত আছে সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ তদন্ত। সিদ্ধুক একেবাৰে ওচৰৰ পৰা গুলীওৱা অংকিত সিৰসাক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

Advertisment

জানিব পৰা মতে ১৯ বছৰীয়া অংকিত ইয়াৰ পূৰ্বে কাকো হত্যা কৰা নাছিল। অংকিতে প্ৰায় ৪ মাহ পূৰ্বে লৰেন্স বিষ্ণোইৰ গেঙত যোগদান কৰিছিল।  নৱম শ্ৰেণীলৈ অধ্যয়ন কৰাৰ পাছতেই অপৰাধৰ লগত জড়িত হৈ পৰিছিল অংকিত।

অংকিতক তেওঁৰ এগৰাকী সহযোগীৰ সৈতে ৰবিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দুয়োকে দিল্লীৰ কাশ্মীৰী গেটৰ পৰা গ্ৰেপ্তাৰ কৰে দিল্লী আৰক্ষীয়ে। সিদ্ধু পাছতেই আন দুজন লোকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল অংকিতে। তাৰ পাছতেই বিদেশলৈ যোৱাৰ কথা আছিল অংকিতৰ।

উল্লেখ্য যে. ২৯ মে ২০২২ ত হত্যা কৰা হৈছিল কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক। ইতিমধ্যে এই হত্যাকাণ্ডৰ লগত জড়িত কেইবাজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

আৰু পঢ়ক: অসুস্থ লালু প্ৰসাদ যাদৱ, ICU ত ভৰ্তি…

crime murder case