মুখ্যমন্ত্ৰীৰ বিহুৱান লাভ কৰি বিতৰ্কত সোমাই পৰা চিদা চোৰক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ ৰঙালী বিহুৰ শুভেচ্ছা পত্ৰ আৰু বিহুৱান লাভ কৰি বিতৰ্কত সোমাই পৰা লখিমপুৰ বছাগাঁৱৰ চিদা চোৰক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। চিদা চোৰৰ বিৰুদ্ধে পূৰ্বেও আছিল কেইবাটাও গোচৰ।

author-image
Asomiya Pratidin
New Update
চিদা চোৰক গ্ৰেপ্তাৰ

চিদা চোৰক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, লখিমপুৰ: মুখ্যমন্ত্ৰীৰ ৰঙালী বিহুৰ শুভেচ্ছা পত্ৰ আৰু বিহুৱান লাভ কৰি বিতৰ্কত সোমাই পৰা লখিমপুৰ বছাগাঁৱৰ চিদা চোৰক অৱশেষত গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। চিদা চোৰৰ বিৰুদ্ধে পূৰ্বেও আছিল কেইবাটাও গোচৰ।

Advertisment

উল্লেখযোগ্য যে, বুধবাৰে স্থানীয় গাঁওবুঢ়া বিষ্ণু প্ৰসাদ দাসে চিদা চোৰৰ নামত অহা মুখ্যমন্ত্ৰীৰ উপহাৰ প্ৰদান কৰিছিল চোৰটোক। কাৰ ভুলৰ বাবে মুখ্যমন্ত্ৰীৰ উপহাৰ গভাইত চোৰৰ হাতত পৰিল, ইয়াকে লৈ বৃহস্পতিবাৰে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈছিল। তাৰ পাছতে শুকুৰবাৰে নিশা গামোচা উপহাৰ দিয়া গাঁও প্ৰধান বিষ্ণুকুমাৰ দাসক ফটো ভাইৰেল কৰাৰ অপৰাধত সা-সামগ্ৰী লণ্ড ভণ্ড কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে চোৰ চিদাই ৷ 

অৱশেষত গাঁও বুঢ়া বিষ্ণু প্ৰসাদৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ হ'ল চোৰ চিদা দাস। উল্লেখযোগ্য যে, চিদা চোৰে গাঁও প্ৰধানৰ ঘৰ লণ্ড ভণ্ড কৰা পিছতে বিষ্ণুকুমাৰ দাসে পানীগাঁও থানাত তৰিছিল গোচৰ। ইয়াৰ পিছকে পৰা পলাতক চোৰ চিদাক পানীগাওঁ আৰক্ষীয়ে দেওবাৰে বিয়লি গ্ৰেপ্তাৰ কৰে ৷

লখিমপুৰ মুখ্যমন্ত্ৰী