/asomiyapratidin/media/media_files/2025/09/13/xxcfdfdvcxc-xffd-2025-09-13-15-53-12.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাৰ শিমলুগুৰীৰ গৰুবন্ধা পথাৰত এটা অসুস্থ বন্যহস্তী বিগত পাঁচ- ছয়দিন ধৰি আৱদ্ধ হৈ আছে।
পিছে আজি পৰ্যন্ত বন বিভাগে কোনো ব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপন হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/13/captureccccccccccccccccccc-2025-09-13-15-54-02.jpg)
জানিব পৰা মতে, হাতীটোৰ ভৰিত আঘাতৰ চিন আছে। স্থানীয় লোকে কামপুৰৰ বনবিভাগৰ লোকক খবৰ দিয়াৰ পিছতো কোনো পদক্ষেপ হাতত নোলোৱাৰ অভিযোগ উঠিছে। স্থানীয় লোকে পথাৰত আৱদ্ধ হৈ থকা অসুস্থ হাতীটো উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us