ডিজিটেল ডেস্কঃ যুক্তিবাদী লেখক, চিন্তাবিদ ড. শিৱনাথ বৰ্মনৰ সোঁৱৰণত বিজ্ঞানমনস্ক যাত্ৰা, অসমৰ উদ্যোগত আয়োজন কৰা হৈছে বৈজ্ঞানিক চেতনা দিৱস । ১৫ ডিচেম্বৰ, ২০২৪ দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা খানাপাৰা কৃষি ভৱন প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হ’ব ।
এই অনুষ্ঠানত বৈজ্ঞানিক চেতনা আৰু শিৱনাথ বৰ্মন শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাঃ উপাচাৰ্য ড. কুলেন্দু পাঠকে । যুক্তিবাদ আৰু বৈজ্ঞান মনস্ক শীৰ্ষক এখন গ্ৰন্থও উক্ত অনুষ্ঠানত উন্মোচন কৰা হ’ব । শিৱনাথ বৰ্মনৰ এই শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থখন সম্পাদনা কৰিছে পুলিন কলিতাই ।উক্ত অনুষ্ঠানত ড. বৰ্মনৰ পত্নী তথা তেওঁৰ স্মৃতি ন্যাসৰ অধ্যক্ষা অঞ্জনা বৰ্মণেও অংশ ল’ব ।