/asomiyapratidin/media/media_files/2025/09/25/new-ap-web-2025-09-25-17-57-07.jpg)
ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্তই আজি ফেচবুকযোগে ৰাইজক উদ্দেশ্যি এক ভিডিঅ বাৰ্তা প্ৰকাশ কৰে। শ্যামকানুৱে মুকলি কৰা এটা ভিডিঅ'ত তেওঁ উল্লেখ কৰে যে- "জুবিন গাৰ্গৰ মৃত্যুত মই শোকাহত হৈ পৰিছো। তেওঁ মোৰ অতি ঘনিষ্ঠ বন্ধু আছিল। জুবিন মোৰ ফ্ৰেণ্ড,ফিল'ছ'ফাৰ, গাইড আছিল।
তেওঁ লগতে কয়, তেওঁৰ শেষকৃত্যত মই গুৱাহাটীলৈ যাব বিচাৰিছিলো যদিও মোলৈ প্ৰায় হাজাৰ মেছেজ আহিছে, যে গুৱাহাটীলৈ আহিলে কাটিম,মাৰিম এইবোৰৰ ভয়ত মই যাব পৰা নাই। গৰিমা মোৰ ভগ্নীৰ নিচিনা। তেওঁলোক মোৰ পৰিয়াল, যদিও মানুহৰ আক্ৰমণৰ ভয়ত মই উপস্থিত হ'ব নোৱাৰিলো।
শ্যামকানুৱে কয়, আচলতে কিছুমান মানুহে টি আৰ পি ৰ আশাত আমাক দোষী সজাইছে। নৰ্থ-ইষ্ট ফেষ্টিভেলৰ সৈতে জুবিন নিজে জড়িত হৈছিল। তেওঁ নিজে ছিংগাপুৰলৈ যাবলৈ আগ্ৰহী হৈছিল। ১৯ তাৰিখে শেখৰ,সন্দিপন আৰু সিদ্ধাৰ্থ তেওঁৰ লগত ফুৰিবলৈ গৈছিল আৰু মই এখন ব্যৱসায়ীক মিটিঙত ব্যস্ত আছিলো। ৩.৩০ বজাত সিদ্ধাৰ্থে মোক ফোন কৰি ঘটনাটোৰ বিষয়ে জনাইছিল।
তেওঁ আৰু কয়, মই ঠটমট খাই গ'লো। লগে লগে দূতাবাসৰ সৈতে কথা পাতি মই তালৈ গ'লো। এই ঘটনাই মোৰ মুখৰ নোহোৱা কৰিলে। ঘটনা সংঘটিত হোৱা পাছতে উচ্চায়ুক্তই অনুষ্ঠান বাতিলৰ ঘোষণা কৰিলে। কিন্তু বহু লোকে কৈছে যে অনুষ্ঠান এতিয়াও চলি আছে কিন্তু তেনে নহয়। ভাৰতৰ দূতাবাসে অনুষ্ঠান বাতিলৰ ঘোষণা কৰিছিল। ইয়াৰ পাছত সিদ্ধাৰ্থ আৰু মই চেষ্টা কৰিছিলো কিদৰে তেওঁৰ পাৰ্থিৱ শৰীৰ গুৱাহাটীলৈ পঠিওৱা হয়।
শ্যামকানুৱে কয়, তাৰ পাছতে আমাৰ বিৰুদ্ধে এটা কেম্পেইন আৰম্ভ হ'ল। মই মৰ্গলৈ যাও বুলি কোৱা কথাষাৰ মদ খাবলৈ যাওঁ বুলি উলিয়ালে। শ্যমকানু মহন্তক হত্যা কৰিব লাগে বুলি ৰাইজে দাবী কৰিলে। ৰাইজ মই ঘটনাটোত একেবাৰে জড়িত নাছিলো। ঘটনাস্থলীত অসমীয়া সমাজৰ ১২-১৩ জন মান লোক উপস্থিত আছিল।
তেওঁ কয়, আমাক দোষাৰূপ কৰি এই প্ৰক্ৰিয়াটো কিয় আৰম্ভ হ'ল? কেইজনমান ব্যক্তিয়ে ইচ্ছাকৃতভাৱে আমাক বদনাম কৰা লগতে হত্যা কৰাৰ যি চেষ্টা চলাইছে তাৰ বাবে আমাক ন্যায় লাগে। এই যিটো ঘটনা হ'ল এই ঘটনাই আমাক বিধ্বস্ত কৰিছে। ন্য়ায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে। নিজৰ ঘৰলৈ যাব নোৱাৰা হৈছো। আমি ৰাইজৰ পৰা ন্যায় বিচাৰিছো। আমাক সুৰক্ষা দিয়ক।