/asomiyapratidin/media/media_files/2025/07/06/1-2025-07-06-19-03-00.jpg)
ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেওবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে আয়ুক্ত লগতে উপস্থিত বিষয়া-কৰ্মচাৰী সকলে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত আয়ুক্ত গৰাকীয়ে তেখেতৰ ভাষণত কয় যে, ১৯০১ চনৰ ৬ জুলাইত জন্মগ্ৰহণ কৰা ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ভাৰতবৰ্ষক উদ্যোগীকৰণৰ বিকাশ কৰাৰ ক্ষেত্ৰত অৱদান আছিল অতুলনীয়। তেখেত একেধাৰে আছিল শিক্ষাবিদ, ৰাজনীতিবিদ, বেৰিষ্টাৰ আৰু সমাসেৱক। তদুপৰি তেখেত আছিল স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমজন উদ্যোগ আৰু যোগান মন্ত্ৰী ।
তদুপৰি তেখেত আছিল কলিকতা বিশ্ববিদ্যালয়ৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য । ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক মুখাৰ্জীয়ে ভাৰতক বিকশিত ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো অগ্রণী ভূমিকা গ্রহণ কৰিছিল। ১৯৫৩ চনৰ ২৩ জুনত অতি কম বয়সতে এই মনিষী জনে ইহলীলা সম্বৰণ কৰে।
এই অনুষ্ঠানত ৰহা সম জিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, জিলা অতিৰিক্ত আয়ুক্ত পংকজ নাগবংশী, সহকাৰী আয়ুক্তদয় শিল্পীৰেখা পণ্ডিত, ভাস্কৰ চৌধুৰী, জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল আৰু জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।