/asomiyapratidin/media/media_files/2025/05/23/H6fviRFnCZleLJEdpyaq.jpg)
শৃংখল চলিহাক আটক
ডিজিটেল ডেস্ক : কাৰ্যতঃ পৰিণত হ’ল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ মনোভাব। শুকুৰবাৰে পুৱাই তেওঁক চেপনৰ পৰা আৰক্ষীয়ে আটক কৰে। ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ যোৱাৰ সময়তে চেপনৰ পৰা শৃংখল চলিহাক আটক কৰে আৰক্ষীয়ে।
উল্লেখ্য যে, ২২ মে’ ২০২৫ বৃহস্পতিবাৰে তেওঁ সামাজিক মাধ্যমযোগে কৰিছিল এটি বিশেষ পোষ্ট। উক্ত পোষ্টটোত তেওঁ উল্লেখ কৰিছিল যে, দুলীয়াজান আৰক্ষীয়ে তেওঁক হোৱাটচ এপৰ জৰিয়তে ভাবুকি প্ৰদান কৰিছে। গ্ৰেপ্তাৰ কৰিলেও আন্দোলন কোনো কাৰণতে স্তব্ধ কৰিব নালাগে বুলিও উল্লেখ কৰিছিল শৃংখলে।
সেই অনুসৰিয়েই বীৰ লাচিত সেনাৰ আহ্বানত ১২ ঘণ্টীয়া দুলীয়াজান বন্ধৰ সমৰ্থন কৰিবলৈ গৈ থকাৰ অৱস্থাতে শুকুৰবাৰে পুৱা চলিহাক আটক কৰে আৰক্ষীয়ে। ইতিমধ্যে আটকাধীন চলিহাক ডিব্ৰুগড়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, বীৰ লাচিত সেনাক বন্ধ প্ৰত্যাহাৰ কৰিবলৈ দুলীয়াজান আৰক্ষীৰ তৰফৰ পৰা শৃংখল চলিহালৈ এক জাননী প্ৰেৰণ কৰিছিল। জাননীৰ জৰিয়তে বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰি শান্তি বজাই ৰখাত সহযোগিতা কৰিবলৈ আহ্বান জনাইছিল দুলীয়াজান আৰক্ষীয়ে। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছিল জাননীখনত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us