বাংলাদেশীৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ শৃংখল চলিহা

বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত মঙলবাৰে উপস্থিত হৈ বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে।

author-image
Asomiya Pratidin
New Update
web ap srinkhol

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীৰ নেঘেৰিবিলত শৃংখল চলিহাৰ হুংকাৰ। বনবিভাগে উচ্ছেদৰ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰিবিলত মঙলবাৰে উপস্থিত হৈ বীৰ লাচিত সেনাৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই বাংলাদেশীৰ বিৰুদ্ধে পুনৰ সোচ্ছাৰ হৈ পৰে। সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে ২ নং নেঘেৰিবিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনত বংগমূলীয় মুছলমান লোকৰ অৱস্থিতি লক্ষ্য কৰে। 

Advertisment

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শৃংখল চলিহাই অসমত বাংলাদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমানৰ তথা পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে। ইফালে মিঞা মুছলমানৰ বাবেই খিলঞ্জীয়া গৰীয়া, মৰিয়া লোকসকল অস্তিত্বৰ সংকটত পৰিছে বুলিও কৰে গুৰুত্বপূৰ্ণ মন্তব্য। শৃংখল চলিহাই অহা সাত দিনৰ ভিতৰত নেঘেৰিবিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায়।

মেৰাপানী নেঘেৰিবিল