/asomiyapratidin/media/media_files/2025/02/07/WSviyQoobsjVmZKIUN3c.jpg)
ৰঙাচকুৱাত শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞ
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাচকুৱা অঞ্চলৰ চাৰিপুখুৰী গাঁৱত চলি থকা সপ্তাহজোৰা শ্ৰীমদ্ভাগৱত জ্ঞান মহাযঞ্জৰ পঞ্চম দিনা কৃষ্ণ জন্মোউৎসৱ আয়োজন কৰা হয় । ধৰ্ম্মীয় অনুষ্ঠানটিত হাজাৰ হাজাৰ ভক্ত প্ৰাণ মহিলা পুৰুষে অংশগ্ৰহণ কৰি পুৱাৰে পৰাই ভাগৱত পাঠ আৰু শ্ৰৱণ কৰি বিয়লি কৃষ্ণ জন্মোউৎসৱ পালনেৰে বৃন্দাবন সদৃশ পৰিবেশ সৃষ্টি কৰে ।
গাঁৱখনৰ সমাজহিতৈষী পৰিয়ালৰ অন্যতম সদস্য পূণ্য প্ৰসাদ কাফলেৰ বিশেষ তৎপৰতাত প্ৰয়াত পিতৃৰ আত্মাৰ চিৰশান্তি কামনাৰে লগতে গাঁওবাসীৰ মংগল ও বিশ্বশান্তিৰ হকে আয়োজন কৰা হয় এই সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযঞ্জ। সাপ্তাহিক শ্ৰীমদ্ভাগৱত জ্ঞান মহাযজ্ঞৰ প্ৰবচকৰ দ্বয়িত্বত থাকি ধৰ্ম্মপ্ৰাণ ৰাইজৰ মাজত ধৰ্ম্মৰ বানী প্ৰচাৰ কৰে পণ্ডিত প্ৰবৰ শ্ৰী পূৰোষোত্তম উপাধ্যায়ে ৷