ব্ৰজেন্দ্ৰ ৰোডত প্ৰশাসনে ভাঙিলে কেইবাটাও ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমি চহৰতো তৃতীয় দিনা চলিল জিলা প্ৰশাসনৰ উচ্ছেদ। শুকুৰবাৰে পুনৰ চহৰখনৰ ব্ৰজেন্দ্ৰ ৰোডত থকা কেইবাটাও অবৈধ বাসগৃহত উচ্ছেদ চলালে প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
web ap sree

ডিজিটেল সংবাদ, শ্ৰীভূমিঃ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে শ্ৰীভূমি চহৰতো তৃতীয় দিনা চলিল জিলা প্ৰশাসনৰ উচ্ছেদ। শুকুৰবাৰে পুনৰ চহৰখনৰ ব্ৰজেন্দ্ৰ ৰোডত থকা কেইবাটাও অবৈধ বাসগৃহত উচ্ছেদ চলালে প্ৰশাসনে। ব্ৰজেন্দ্ৰ ৰোড'ৰ আৰম্ভণিৰ পৰা শ্রীভূমি ইনডোৰ ষ্টেডিয়াম লৈকে চলিল প্ৰশাসনৰ বুলডোজাৰ । 

উল্লেখযোগ্য যে, অঞ্চলটোত বেদখলকাৰীয়ে নলা বন্ধ কৰি নিৰ্মাণ কৰিছিল কেইবাটাও ঘৰ। আনকি গঢ়ি তুলিছিল ব্যৱসায়িক প্রতিষ্ঠানো। যাৰ ফলত সামান্য বৰষুণ এজাক দিলে সমগ্ৰ এলেকাটো পানীৰ তলত বুৰ গৈছিল। বেদখলকাৰীৰ বাবে যাতায়তৰ ক্ষেত্ৰতো সাধাৰণ জনতা অসুবিধাৰ সম্মুখীন হৈ আহিছিল। 

উচ্ছেদ অভিযান উচ্ছেদ বুলডোজাৰ