Advertisment

মন্দিৰত কাম কৰা কোনো লোকে খাব নোৱাৰিব গুটখা!

মন্দিৰত কাম কৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ নিয়ম। এতিয়াৰে পৰা মন্দিৰত কাম কৰা সকলো কৰ্মচাৰীয়ে দিব লাগিব নিজৰ ধন-সম্পত্তিৰ হিচাপ। ইয়াৰোপৰি মন্দিৰৰ প্ৰাংঙ্গণত কোনো কৰ্মচাৰীয়ে পাণ, গুটখা নাইবা নিচাজাতীয় সামগ্ৰী খাই প্ৰৱেশ কৰিব নোৱাৰিব।

author-image
Asomiya Pratidin
New Update
মন্দিৰত কাম কৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ নিয়ম। এতিয়াৰে পৰা মন্দিৰত কাম কৰা সকলো কৰ্মচাৰীয়ে দিব লাগিব নিজৰ ধন-সম্পত্তিৰ হিচাপ। ইয়াৰোপৰি মন্দিৰৰ প্ৰাংঙ্গণত কোনো কৰ্মচাৰীয়ে পাণ, গুটখা নাইবা নিচাজাতীয় সামগ্ৰী খাই প্ৰৱেশ কৰিব নোৱাৰিব।

মন্দিৰত কাম কৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ নিয়ম

ডিজিটেল ডেস্কঃ মন্দিৰত কাম কৰা কৰ্মচাৰীসকলৰ বাবে বিশেষ নিয়ম। এতিয়াৰে পৰা মন্দিৰত কাম কৰা সকলো কৰ্মচাৰীয়ে দিব লাগিব নিজৰ ধন-সম্পত্তিৰ হিচাপ। ইয়াৰোপৰি মন্দিৰৰ প্ৰাংঙ্গণত কোনো কৰ্মচাৰীয়ে পাণ, গুটখা নাইবা নিচাজাতীয় সামগ্ৰী খাই প্ৰৱেশ কৰিব নোৱাৰিব।

Advertisment

শেহতীয়াকৈ এই কঠোৰ নিয়ম বান্ধি দিয়া হৈছে ওড়িশাৰ জগ্গনাথ মন্দিৰত। মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই মন্দিৰৰ কাম-কাজ অধিক সুচাৰুৰূপে চলাৰ বাবে এই কঠোৰ নিয়ম প্ৰযোজ্য কৰাৰ কথা ঘোষণা কৰিছে। মন্দিৰৰ মুখ্য প্ৰশাসক অৰবিন্দ পাঢ়ীয়ে এই নিয়মৰ কথা শেহতীয়াকৈ ঘোষণা কৰিছে।

যিসকল কৰ্মচাৰীয়ে উপৰোক্ত নিয়মসমূহ পালন নকৰে, তেনে কৰ্মচাৰীৰ দৰমহা বৃদ্ধি, পদোন্নতি আৰু অন্যান্য পুৰষ্কাৰৰ ক্ষেত্ৰত বাধা আহিব বুলিও সদৰি কৰে মুখ্য প্ৰশাসকগৰাকীয়ে। ইয়াৰোপৰি প্ৰত্যেক তিনি মাহৰ মূৰে মূৰে কৰ্মচাৰীসকলৰ কাম খতিয়ানো লব মন্দিৰ পৰিচালনা সমিতিয়ে। 

সপ্তাহৰ প্ৰত্যেক শুকুৰবাৰে কৰ্মচাৰীসকলে পাৰম্পৰিক সাজ-পাৰ পৰিধান কৰাৰ কথাও ঘোষণা কৰিছে মন্দিৰ কৰ্তৃপক্ষই। 

 

গুটখা