শ্ৰেয়াছ আয়াৰৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় শতক...

আঘাতৰ পৰা সুস্থ হৈ উঠিলে ফৰ্মহীনতা আৰু ফৰ্ম থাকিলে আঘাতৰ সমস্যা

author-image
Asomiya Pratidin
New Update
শ্ৰেয়াছ আয়াৰৰ তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় শতক...

sreyash

ডিজিটেল ডেস্কঃ শ্ৰেয়াছ আয়াৰ এগৰাকী প্ৰতিভাৱান ক্ৰিকেটাৰ। ২৭ বছৰীয়া মুম্বাইৰ ক্ৰিকেটাৰ গৰাকীৰ ভাৰতীয় জাতীয় দলৰ জাৰ্চী পিন্ধাৰ সৌভাগ্য ঘটিছিল ২০১৭ চনত, নিউজিলেণ্ডৰ বিপক্ষে টী-২০ মেচৰ যোগেদি। সেই বৰ্ষৰে ডিচেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত অভিষেক ঘটাই আয়াৰে। বিভিন্ন আঘাতজনিত সমস্যাৰ বাবে বাৰে বাৰে দলৰ পৰা বঞ্চিত হৈছিল প্ৰতিভাৱান ক্ৰিকেটাৰ গৰাকী।

Advertisment
shreyash
shreyash

উল্লেখ্য যে, আঘাতৰ পৰা সুস্থ হৈ উঠিলে ফৰ্মহীনতা আৰু ফৰ্ম থাকিলে আঘাতৰ সমস্যা। মুঠৰ ওপৰত সমস্য়াই লগ এৰা দিয়া নাছিল আয়াৰৰ।

সম্প্ৰতি সকলো বাধা আঁতৰাই প্ৰতিভাৱান বেটছমেন আয়াৰে সদ্যসমাপ্ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াত দুৰ্দান্ত শতকৰে প্ৰত্যাৱৰ্তন কৰে। ১১৩ ৰানৰ অপৰাজিত ইনিংছেৰে ভাৰতৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহন কৰে তেওঁ। যাৰ ফলত ভাৰতে আলহী দলটোৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃৃংখলাত ১-১ৰ সমতা স্থাপন কৰে।

আয়াৰে ইয়াৰ পূৰ্বে টেষ্ট আৰু এদিনীয়া মিলি তৃতীয়টো আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰে। য'ত টেষ্টত এটা আৰু এদিনীয়াত দুটা শতক।

sreyash iyar cricket india