ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানলৈ কাৰণ দৰ্শোৱাৰ জাননী

ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ বিৰুদ্ধে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টি এলেকাৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই অতি কঠোৰ স্থিতি গ্ৰহণ

author-image
Asomiya Pratidin
New Update
ধুবুৰী জিলা কংগ্ৰেছ

ডিজিটেল সংবাদ, ধুবুৰী : সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবুৰী জিলা কংগ্ৰেছৰ ভিতৰচ'ৰাত চৰম অৰাজকতাই গা কৰি উঠা পৰিলক্ষিত হৈছে। পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ বিৰুদ্ধে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টি এলেকাৰ টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপিত হোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষ নেতৃত্বই অতি কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

Advertisment

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি তথা ধুবৰী জিলা কংগ্ৰেছ কমিটীৰ অনুশাসনমূলক কাৰ্যকৰী কমিটীৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা নৃপেন্দ্ৰ ঠাকুৰীয়াই শুকুৰবাৰে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানলৈ এখন কাৰণ দৰ্শোৱাৰ জাৰি কৰি ইয়াৰ সময়সীমা এঘণ্টা বান্ধি দিছে ।  ইপিনে ধুবুৰী জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ টিকটক কেন্দ্ৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মাজত সংঘাতে এক নতুন মোৰ লোৱা বুলি বহুতেই চৰ্চা কৰিছে। 

ধুবুৰী জিলা কংগ্ৰেছ

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়াই সাংবাদিকৰ আগত কয় যে, ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ কাৰ্য-কলাপত অতিষ্ঠ হৈ পৰিছে । সাংসদ ৰকিবুল হুছেইন হৈছে জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানৰ বছ বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কথা মতে জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান নচলে বুলি মন্তব্য কৰে নৃপেন ঠাকুৰীয়াই। 

সাংবাদিকৰ আগত গুৰুতৰ অভিযোগ উল্থাপন কৰি নৃপেন ঠাকুৰীয়াই কয় যে ভূপেন বৰাই দিয়া প্ৰাৰ্থীৰ তালিকাও নাকচ কৰিছে ধুবুৰী জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামানে । ইয়াৰ বাবে যিকোনো মুহূৰ্তত আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ পিচতো কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব বাতিল হ'ব পাৰে বুলিও একপ্ৰকাৰ আগজাননী দিলে নৃপেন ঠাকুৰীয়াই। 

ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি আবেদুৰ জামানে প্ৰস্তুত কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি আজি কংগ্ৰেছ প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়ন পত্ৰ বাতিল হ’ব পাৰে বুলি নৃপেন্দ্ৰ ঠাকুৰীয়াই সাংবাদিকৰ আগত কোৱাত স্বাভাৱিকতে বিষয়টোৱে এতিয়া এক নতুন মোৰ লোৱা দেখা গৈছে।  লগতে নৃপেন ঠাকুৰীয়াই এই বুলিও স্পষ্ট কৰে যে জিলা কংগ্ৰেছৰ সভাপতিৰ পদ খাৰিজ কৰি নতুন দলীয় টিকট প্ৰদান কৰিব ভূপেন বৰাই।

নিৰ্বাচনৰ মনোনয়ন পত্ৰ পুনৰীক্ষণৰ সময়ত প্ৰাৰ্থীক নতুনকৈ প্ৰদান কৰিব দলীয় টিকট। বৰ্তমানে নিৰ্দলীয় হিচাপে বহু কংগ্ৰেছীক মনোনয়ন পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ ভূপেন বৰাপন্থীৰ। 

আজি বহু কংগ্ৰেছ প্ৰাৰ্থীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ।  আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এইক্ষেত্ৰত জিলা আয়ুক্ত লৈ পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে উপ-সভাপতি নৃপেণ ঠাকুৰীয়াই ।

assam congress