/asomiyapratidin/media/media_files/2025/02/11/M6Y3PTFduLPeunHCU1zv.jpg)
তেজপুৰত ৰন্ধন গেছৰ নাটনি
ডিজিটেল সংবাদ,তেজপুৰ : তেজপুৰ কমাৰচুবুৰীত থকা বি এম নামৰ গেছ এজেঞ্চিয়ে প্ৰায় পোন্ধৰ দিন ধৰি সময়মতে ৰন্ধন গেছৰ চিলিণ্ডাৰ যোগান ধৰিব নোৱাৰাত গ্ৰাহকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। অভিযোগ মতে এজেঞ্চিটোৱে ৰাইজক ৰন্ধন গেছ যোগান ধৰাৰ ক্ষেত্ৰত বহু দিন ধৰি ব্যাপক খেলিমেলি কৰি আহিছে।
আনকি অনলাইনযোগে গ্ৰাহকসকলে বুকিং কৰাৰ ২০দিনপৰ্যন্ত গেছ চিলিণ্ডাৰ যোগান নিদিয়া বুলিও অভিযোগ উঠিছে। সকলোতকৈ আচৰিত বিষয় এয়ে যে এজেঞ্চিটোৱে গ্ৰাহকৰ বিপৰীতে ৰচিদ কটাৰ পিছতো বহু দিনলৈকে গেছ যোগান নধৰে । একেদৰে দুটাকৈ গেছ চিলিণ্ডাৰৰ ব্যৱস্থা কৰি লোৱাৰ পিছতো গ্ৰাহকসকলক সময় মতে ঘৰত চিলিণ্ডাৰ যোগান নধৰে।
আনহাতে গেছ বিচাৰি প্ৰতিদিনে অগনন লোক এজেঞ্চিত উপস্থিত হোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়ে। এইক্ষেত্ৰত বি এম গেছ এজেঞ্চিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰাৰ লগতে এনেধৰনৰ খেলিমেলিবোৰ অতিশীঘ্ৰে দূৰ কৰি গ্ৰাহকক সময়মতে ৰন্ধন গেছ যোগান ধৰিবলৈ ক্ষুদ্ধ ৰাইজে শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ দাবী জনাইছে।
ইফালে ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষালৈ মাজত আৰু মাত্ৰ কেইদিনমান থকাৰ সময়তে ৰন্ধন গেছ চিলিণ্ডাৰৰ নাটনিয়ে সকলোকে চিন্তিত কৰি তুলিছে ।