ৰং

ৰং

author-image
asomiyapratidin
New Update
ডাষ্টবিনৰ লখিমী


Advertisment

? জিন্টুমণি বৰ্মন

শৰৎ এক সুবাস। অনুুুুভৱৰ শিহৰণ হ'বলৈ চেঁকুৰি আহে সেই সুুুবাস। স্নিগ্ধ জোনাকৰ পৰা, নিয়ৰসনা কোমল দুৱৰিডৰাত পুৱাই পৰি থকা শেৱালিৰ পৰা বিয়পি পৰে শৰতৰ সুবাস। ইপাৰ-সিপাৰৰ আত্মীয়তা বঢ়াবলৈ শৰতৰ নৈৰ ঘাটবোৰ, আকাশৰ নীলাৰ মাজত ফুলা শুভ্ৰ মেঘফুল, মুকলি মানুহৰ কথকতা, সকলোবোৰতেই শাৰদীয় সুবাস।

'বহুদিন বকুলৰ গোন্ধ পোৱা নাই, বহুদিন বকুলৰ মালা গথা নাই…।'-কাৰখনৰ মিউজিক প্লেয়াৰত বাজি থকা হিন্দী গানটো সলাই এই গানটো প্লে কৰিছে মনাই। শৰতৰ ৰঙত শৈশৱ-কৈশোৰ-যৌৱনৰ মাদকতাক তিয়াই নিয়া চহৰত প্ৰতিষ্ঠিত অধ্যাপক প্ৰাচুৰ্য্যই বগা কাৰখনেৰে গাঁৱলৈ নতুনকৈ হোৱা পকী আলিটোৱেদি সপৰিয়ালে প্ৰৱেশ কৰিছে কহুৱাৰ ৰং সানি আকৌ শেৱালি বুটলা দিনবোৰ উদযাপনৰ মানসেৰে।

আলিৰ দুয়োকাষৰ পথাৰবোৰত ধানৰ থোকবোৰ ওলাইছেহে, মাজে-মাজে দুই-এজনে সেয়া ধাননিৰ মাজত বান-বত নিৰাইছে। ৰাস্তাৰ একাষেৰে যোৱা বিজুলীৰ তাঁৰবোৰেও যেন পোন হৈ কঁকাল পোনাইছে শৰতৰ মেলাত ভাগ ল'বলৈ। দুই-এঘৰৰ বাটতে থকা আমলখি কেইজোপাৰ পাতবোৰ নাই, ডালবোৰ কেৱল ফলেৰে ভৰিছে। পিছৰ ছীটত বহা ল'ৰা-ছোৱালীহালে কৌতুহলত-মধুৰতা প্ৰাপ্তিৰ আনন্দত মত্ত হৈছে আলিৰ দুইকাষৰ শৰতৰ নান্দনিকতাক ধৰি ধৰি। বহু শাৰদীয় নষ্টালজিয়াই এফালৰ পৰা চুই গৈছে ড্ৰাইভিং চীটৰ প্ৰাচুৰ্য্যক। হয়তো কাষৰ ছীটৰ মনাকো।

আবেলিৰ টিউশ্যনৰ পৰা ঘৰমুৱা হোৱা শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ল'ৰা-ছোৱালীজাকেও পঢ়াৰ তাগিদা থকা স্বত্বেও এই আবেলিটোৰ চাৰিওদিশে প্ৰস্ফুটিত হোৱা শৰতৰ ৰংবোৰক নেওচা দি জোৰকৈ চাইকেল চলাই ঘৰ অভিমুখী হ'ব খোজা নাই, পেডেল মাৰো নামাৰোকৈ হাঁহি-মাতি শাৰদীয় ৰংবোৰৰ সুবাসৰ ওপৰেৰে চোঁচৰাই নিব খুজিছে জীৱনৰ সমদলটোক, স্নিগ্ধতাৰ প্ৰলেপ সানি।

তাহানিৰ প্ৰাচুৰ্য্যও এনেকুৱা এটা ল'ৰা-ছোৱালীৰ জাকৰ মাজতেই এই বাটটোৰেই টিউচনৰ পৰা উভতিছিল। মনালিছায়ো। গাঁৱৰে সিমূৰৰ শিক্ষক বিপুলান্দৰ জীয়েক মনালিছা। মনালিছাৰ সৈতে তাৰ ঘনিষ্ঠতাৰ সূত্ৰে প্ৰেম হৈছিল…।

'ওঁহো, নোৱাৰো। দেউতালৈ ভয় লাগে, পিছত ভাবিম এইবোৰ …।'- এনেকুৱা এটা শাৰদীয় আবেলিতেই হায়াৰ ছেকেণ্ডাৰীৰ অংকৰ টিউচনৰ শেষৰ দিনা মনালিছাৰ সৈতে একেলগে ওভতোতে প্ৰাচুৰ্য্যই তাইক প্ৰেম নিবেদন কৰোতে সেয়া অগ্ৰাহ্য কৰিছিল। তাৰ পিছত কি আৰু…। প্ৰাচুৰ্য্যৰ তাইৰ প্ৰতি এসোপা অভিমান, সেই অভিমানৰ বাবে মনালিছাৰ প্ৰতি-অভিমান। মান-অভিমানত নমতা-নামতি, জীৱনৰ ৰেচত জোৰেৰে পেডেল মৰাৰ তাগিদা, ইত্যাদি…।

পদূলিত গাড়ীখন ৰাখি খিৰিকিখন খুলি নামি আহিবলৈ লওঁতেই দেখা ল'ৰা-ছোৱালীজাকে প্ৰাচুৰ্য্যক লৈ গ'ল তাহানিতে সুবাসৰ শৰতৰ বুকুত গঢ়া নষ্টালজিয়ালৈ। নষ্টালজিয়াই প্ৰাচুৰ্যক সাবটি লৈ তাক ওভতাই নিছে তাহানিৰ সেই প্ৰাচুৰ্যলৈ…। কাষৰ ছীটৰ মনাৰ চকুত ভাহি উঠিছে তাহানিৰ প্ৰাচুৰ্যৰ অভিমানভৰা মুখখনৰ ফটোষ্টেট ক'পিটো।

মনাই প্ৰাচুৰ্য্যলৈ একান্তমনে মিচিকিয়া হাঁহি এটাৰে চাই সকলোখিনি উপভোগ কৰিছে। সন্মুখৰ পৰা হৰেনে গৰুজাক ওভতাই অনা শব্দটো পাইহে প্ৰাচুৰ্য্যই সম্বিৎ ঘূৰাই পাইছে। প্ৰাচুৰ্য্য ধৰা পৰিছে মনাৰ ওচৰত, তাইলৈ চাই মিচিকিয়াই হাঁহিছে। ল'ৰা-ছোৱালী দুটাই ইতিমধ্যেই গাড়ীৰ পৰা নামি ককাকক দেখি দৌৰি গৈছে, ককাকে সাবটি ধৰিছে।

এৰা, সকলো সলনি হৈ যোৱা নাই। মাথোঁ ৰাস্তাটো পকী হোৱাৰ আগতে হৰেনহঁতৰ গৰুজাকৰ ঠেংবোৰে বাটটোত ধূলি উৰুৱাই উভতিছিল, এতিয়া গৰুধূলি উৰুৱাই সন্ধিয়া নাহে; কিন্তু একেই শাৰদীয় উছাহ লৈয়েই এতিয়াও নিপোটল গৰুকেইজাকেই ওভতে। যৌৱনৰ খিলখিল হাঁহি লৈ এতিয়াও আন কোনোবা প্ৰাচুৰ্য্য-মনালিছাও টিউচনৰ পৰা ওভতিছে… এই আলিটোৱেদিয়েই। লগত বহু গল্প….।

অাস! আৰু প্ৰাচুৰ্য্যই তাৰ প্ৰেম হেৰুৱাই অসুখী হোৱা বুলি নাভাবিব ৰ'ব। মৰমতে প্ৰাচুৰ্য্যই তাইক মনা বুলি মাতে, মনাৰ শুভ নামেই মনালিছা। অংকৰ টিউচনৰ পৰা ওভতোতে বাট মেলা প্ৰাচুৰ্য-মনালিছাৰ প্ৰেম কাহিনীটোহে আপুনি শুনিছিল, দুয়ো নিজৰ ধৰণেই প্ৰতিষ্ঠিত হোৱাৰ পিছত দুয়োখন ঘৰৰ সন্মতিত শুভাশীষৰ বৰষুণত তিতি দুয়োৰে বিয়া হৈছিল বুলি জনালোঁ আপোনাক।

"দুয়ো গাড়ীতেই থাকিলি যে, আহ আকৌ।"-দুয়ো সোমাই নোযোৱা দেখি প্ৰাচুৰ্যৰ মাক ওলাই আহি মাতিছে সেয়া।

কিছুপৰৰ বাবে নষ্টালজিয়ালৈ গুচি যোৱা মনালিছা-প্ৰাচুৰ্য্যই ছীটৰ পৰা উঠি গাড়ীৰ দৰ্জাখন খুলি নামিব লৈছে। তেতিয়ালৈ নেদেখা হৈ পৰিছিল টিউচনৰ পৰা ওভতা ল'ৰা-ছোৱালীজাক…।

সুবাসে বাধা নামানে… বিয়পিবই। শৰতৰ নষ্টালজিয়াবোৰেও সুযোগ এটা পালেই স্মৃতিৰ ৰঙীন পেৰাৰ সাঁফৰখন সন্তৰ্পণে খুলি ওলাই আহো আহোকৈ থাকে… সুবাসৰ দৰে স্নিগ্ধতাৰ অনুভৱ গুজি দিবলৈ… আপোনাক-মোক-তেখেতক।

চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ

১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।

২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।

৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।

৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।

৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।

৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।

৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।

৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।

১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।

১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।

১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।

১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।

১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।

১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।

১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।