/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/golp-editing-design-final.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/short-story-time.jpg)
♦ শোণিত কুমাৰ গোস্বামী
অন্য দিনাও একেই হয়। মানে সময় প্ৰায় একেইখিনি লাগে। এয়া সময়ৰ পৰিৱৰ্তন। সঠিক সময়ত আমি নিজৰ কামবোৰ কৰিব পৰা এনে অৱস্থা হোৱা বেছি দিন হোৱা নাই। তথাপি এই পৰিৱৰ্তনে আমাক সকলোকে সহায় কৰিছে। যথেষ্ট সহায় কৰিছে। এতিয়া মই সঠিক সময়ত নিজৰ কাৰ্যালয়ত উপস্থিত হৈ সকলো কাম সূচাৰুৰূপে কৰি সঠিক সময়ত নিজৰ ঘৰ পাই যাওঁ।
অন্য দিনাৰ দৰে আজিও কাৰ্যালয়ৰ পৰা ফ্লাইং উবেৰত আহি ঘৰ পাওতে ১০ মিনিট সময় লাগিল। দিল্লীৰ আকাশমাৰ্গত এতিয়া ট্ৰেফিক বেছি হৈছে। আকাশমাৰ্গ ৰাজহুৱাভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া আৰম্ভ হোৱাৰ পাছত সকলোৱে এই আকাশমাৰ্গৰ ব্যৱহাৰ বেছিকৈ কৰিবলৈ আৰম্ভ কৰিছে। আকাশমাৰ্গৰ ব্যৱহাৰ ভাৰতত আৰম্ভ হোৱাৰ পৰা ভূমিৰ ব্যৱহাৰ মুখ্যত গছ-গছনি ৰোৱা আৰু কৃষি কাৰ্যৰ বাবে ব্যৱহৃত হৈছে। প্ৰতিটো ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা হৈছে ওখ ওখ ফ্লাই অ'ভাৰ।
দিল্লীৰ আকাশমাৰ্গত ট্ৰেফিক বেছি যদিও সঠিক সময়তেই ইগলু নামৰ ৰবট ড্ৰাইভাৰটোৱে মোক ঘৰৰ সম্মুখত পোৱালেহি। মোৰ ঘৰটো দিল্লীৰ বসন্ত কুঞ্জ এলেকাটোত। ঘৰ সোমোৱা মাত্ৰেই মই আমাৰ ঘৰৰ উমৈহতীয়া মনোৰঞ্জনৰ ছুইচটো টিপি অন কৰি দিলো। মোৰ ভিডিঅ' ৱাল অন হোৱাৰ লগে লগে ডিজিটেল সংগী বহাগীয়ে মোক দিনটোৰ ৰাজনৈতিক আৰু সামাজিক ঘটনাসমূহৰ বিৱৰণী এটা এটাকৈ শুনাই দিলে।
তাৰ পাছত বহাগীয়ে ভিডিঅ' দেৱালত দিনটোৰ ভিডিঅ' বাৰ্তাসমূহ এটাৰ পাছত আনটো দেখুৱাই গ'ল আৰু টিভি অনুষ্ঠানসমূহ মোৰ স্ক্ৰীণত দি দিলে। আৰু ক'লে যে, মোৰ পত্নীয়ে দীৰ্ঘ সময় ধৰি ভিডিঅ' কথোপকথন কৰিবলৈ ৰৈ আছে। মই লগে লগে বহাগীক গুৱাহাটীৰ সৈতে মোৰ যোগযোগ স্থাপন কৰিবলৈ নিৰ্দেশ দিলো। আৰু লগে লগেই ভিডিঅ' ৱালত গুৱাহাটীৰ পৰা পত্নীৰ দৰ্শন।
পত্নীয়ে নিজৰ ক'বলগীয়াখিনি কোৱাৰ পাছত আব্দাৰ ধৰি ক'লে যে, ঢাকাৰ ক'ক্স বজাৰৰ পৰা অ'ৰ্ডাৰ কৰা সাগৰীয় মাছ এমেজন ড্ৰ'নে কিছু সময় পূৰ্ব ডেলিভাৰী দি থৈ গৈছে, গতিকে মই যাব লাগে। তেওঁ বৰ্তমান মাকৰ ঘৰত। গতিকে খানাৰ আয়োজন চলিছে। বাংগালুৰুত থকা তেওঁৰ ভায়েকো কিছু সময় পাছত বুলেট ৰেলৰে গুৱাহাটী আহি পাব।
তিনিদিন পূৰ্বে মাকৰ পানী লগা জ্বৰ হোৱা বুলি দেখি পত্নী গৈ মাকৰ ওচৰ পালেগৈ। আজিকালি নিতৌ ১৫-২০খন বুলেট ট্ৰেইন আৰু ২০খন উৰাজাহাজ এঘন্টাৰ বিৰতিত দিল্লী-গুৱাহাটী অহা-যোৱা কৰি থাকে। সেয়ে তেওঁ মন গ'লেই মাকৰ ওচৰ পায়গৈ। মই হে কামৰ বোজাত যাব নোৱাৰো। তথাপি আজি দুদিন ধৰি পত্নী কাষত নথকাত মই অলপ অকলশৰীয়া অনুভৱ নকৰা নহ'য়।
সেয়ে পত্নীৰ আব্দাৰত মোহিত হৈ মইও কৈ পেলালো যে ভাত বনোৱা, মই গৈ আছো। পত্নীক গুৱাহাটী যাম বুলি কৈ উঠি ডিজিটেল সংগী বহাগীক অগন্তুক বাৰ্তা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিলো। আৰু সকলো বাৰ্তা কমপ্ৰেছ কৰি মোলৈ মেইলযোগে প্ৰেৰণ কৰিবলৈও নিৰ্ধাৰিত ডিজিটেল নিৰ্দেশনা দি থলো।
বহাগীক প্ৰয়োজনীয় নিৰ্দেশনা দিয়াৰ পাছত আই-ফোন এক্সএক্সটো উলিয়াই গুৱাহাটীলৈ বুলি যোৱা ৮.৩০ বজাৰ বুলেট ট্ৰেইনৰ এটা টিকট বুক কৰিলো। আৰু লগতে বসন্তকুঞ্জৰ পৰা চাকেট বুলেট ৰেল-ষ্টেচনলৈ এখন এয়াৰ উবেৰ। ১০ মিনিটত ষ্টেচন গৈ পায় গুৱাহাটীলৈ যাবলৈ ৰৈ থকা বুলেট ট্ৰেইনখনত উঠি দিলো। পোহৰৰ বেগত চলা ট্ৰেইন গৈ ৯ বজাত খানাপাৰা বুলেট ৰেল ষ্টেচনত ৰ'লগৈ। গুৱাহাটীতো আজিকালি হাইপাৰলুপ ট্ৰেইনৰ চলাচল আৰম্ভ হৈছে। গতিকে ঘৰ পাবলৈ মোৰ বেছি সময় নালাগিল।
শহুৰৰ ঘৰ গৈ দেখো সকলো উপস্থিত। খুলশালীও কিছু সময় পূৰ্বে বুলেট ট্ৰেইনৰে আহি ইতিমধ্যেই ঘৰ আহি পাইছে। মই একমিনিটো সময় নষ্ট নকৰাকৈ বাথৰুম সোমালো। ভাপৰে গা টো তিয়াই খোৱা টেবুলত বহি সকলোৰে সৈতে মিলি বাংলাদেশৰ কক্স বজাৰৰ পৰা অনা মাছ আৰু অন্য সুস্বাদু আহাৰৰ সোৱাদ ল'বলৈ আৰম্ভ কৰি শহুৰৰ ঘৰত থকা মানৱৰূপী ৰবট ভদ্ৰকান্তক পাছদিনা পুৱা ৭ বজাৰ দিল্লীমুখী বুলেট ট্ৰেইনৰ এটা টিকট বুক কৰিবলৈ নিৰ্দেশ দি খোৱাত মনোযোগ দিলো।
চুটি গল্প প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ হ'লঃ
১. চুটি গল্পসমূহ সৰ্বাধিক ৬০০ শব্দৰ ভিতৰত হ'ব লাগিব।
২. চুটি গল্পসমূহ নিৰ্বাচনৰ ক্ষেত্ৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সিদ্ধান্তই হ'ব চূড়ান্ত সিদ্ধান্ত।
৩. এবাৰ কোনো লিখকৰ চুটি গল্প নিৰ্বাচিত হ'লে, দ্বিতীয়বাৰ তেওঁৰ গল্প পুনৰ নিৰ্বাচন কৰা নহয়।
৪. ইউনিক'ডত চুটি গল্পসমূহ লিখি হোৱাটছএপত প্ৰেৰণ কৰিব লাগিব।
৫. চুটি গল্পসমূহৰ সৈতে লিখকৰ চমু পৰিচয়, ঠিকনা, ফটো, যোগাযোগ নম্বৰ থাকিব লাগিব।
৬. পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ অন্য কোনো কাকত-আলোচনীত প্ৰকাশ কৰিব নোৱাৰিব।
৭. পূৰ্বতে কতো প্ৰকাশ নোহোৱা চুটি গল্পহে প্ৰতিযোগিতাৰ বাবে বিবেচিত হ'ব। এই নিয়ম ভংগ কৰিলে পুৰস্কাৰপ্ৰাপ্ত চুটি গল্পসমূহ প্ৰতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হ'ব।
৮. পুৰস্কাৰপ্ৰাপ্ত গল্পকাৰ সকলে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে যোগাযোগ কৰি পুৰস্কাৰসমূহ সংগ্ৰহ কৰিব পাৰিব।
৯. চুটি গল্পসমূহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰিব পৰা হোৱাটছএপ নম্বৰ কেইটা হ'ল- ৬০০১১-৪৭১১৬, ৮৮৭৬৬-৩৫৮৭২, ৯৯৫৪৫-৪৪৪৫০।
১০. চুটি গল্পসমূহ যিকোনো এটা হোৱাটছএপ নম্বৰত এবাৰে প্ৰেৰণ কৰিব।
১১. চুটি গল্প প্ৰতিযোগিতাৰ মাহেকৰ ফলাফল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই প্ৰকাশ কৰা হ'ব।
১২. সপ্তাহত নিৰ্বাচিত চুটি গল্প দুটা প্ৰথম প্ৰকাশ পাব 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই।
১৩. ডাকযোগে প্ৰেৰণ কৰা চুটি গল্পসমূহ গ্ৰহণ কৰা নহ'ব।
১৪. চুটি গল্পসমূহ পূৰ্বতে ক'তো প্ৰকাশ নোহোৱা বুলি গল্পকাৰে নিশ্চিয়তা দিব লাগিব।
১৫. চুটি গল্পসমূহ প্ৰকাশ কৰা বা নকৰাৰ সন্দৰ্ভত ব্যক্তিগতভাৱে কোনো যোগাযোগ ৰক্ষা কৰা নহয়।
১৬. চুটি গল্প প্ৰতিযোগিতাৰ সবিশেষ পৰ্যায়ক্ৰমে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণতেই জনাই থকা হ'ব।