/asomiyapratidin/media/media_files/2025/07/03/raha-3-2025-07-03-14-34-52.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান ৰাহাত হস্পিতাল এণ্ড ৰিচাৰ্চ চেন্টাৰৰ উদ্যোগত ৰিলিফ পলিক্লিনিক অৰ্কিড স্পেপছত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত নগাঁৱৰ কেইবাজনো বিশিষ্ট চিকিৎসকক সম্বৰ্ধনা জনোৱা হয়।
লগতে বাল্যবিবাহ প্ৰতিৰোধ কৰিবলৈ 'জীৱনৰ মূল্য' নামেৰে এখনি চুটি ছবি মুকলি কৰা হয়। ৰাহাত হস্পিতাল আৰু ৰিচাৰ্চ চেন্টাৰৰ চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত নাৰ্চ - কৰ্মচাৰীসকলে 'জীৱনৰ মূল্য' শীৰ্ষক চুটি ছবিখনত নিখুঁতভাৱে অভিনয় কৰি বাল্য বিবাহৰ ভয়াৱহতাৰ বাস্তৱ ছবি প্ৰদৰ্শন কৰাৰ লগতে বাল্য বিবাহ ৰোধ কৰিবলৈ সজাগতামুলক পদক্ষেপ গ্ৰহণ কৰে।
অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতিয়ে চিকিৎসা কাৰ্যৰ সমান্তৰালভাবে চুটি ছবি নিৰ্মাণ কৰি সমাজলৈ বাল্য বিবাহৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণ কৰা চিকিৎসকৰ প্ৰশংসা কৰে। মানৱিধাকৰ কৰ্মী লাচিত বৰদলৈয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত ডাঃ যোগেন গোহাঁই, ডাঃ আৰিফুল হক, ডাঃ অনুজ বৰা, ডাঃ কুলবিৰ কৌৰ, লেখক-সাংবাদিক দেৱজিৎ হাজৰিকা, শিক্ষক মোস্তাফা আমিনুললাহ আদি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উল্লেখ্য যে, জীৱনৰ মূল্য চুটি ছবিখনৰ পৰিচালনা ডাঃ নুৰ ইয়াচমিনৰ।
অভিনয়ত আছে ভাস্কৰ কাকতি,ফুলেন ডেকা,দীপাংকৰ বৰা,ডাঃ নুৰ ইয়াচমিন,ডাঃ মহিদুল ইচলাম,ডাঃৰিয়াজ উদ্দিন আহমেদ, ডা: এচ মে জাকাৰিয়া, পৰাণ কুমাৰ ডেকা,দীপশিখা দেৱী,পৰিস্মৃতা ভট্টাচাৰ্য্য, লিয়ানা ইয়াচমিন,এলিজা বেথটিকি,আৰু আবুল শুকুৰকে ধৰি বহু শিল্পী। অনুষ্ঠানৰ আঁত ধৰে সমাজকৰ্মী আবুল আৱালে।
উল্লেখ্য যে,ৰাহাত হস্পিতাল আৰু ৰিচাৰ্চ চেন্টাৰৰ উদ্যোগত সময়ে- সময়ে বিভিন্ন জন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰি, সুস্থ জীৱন-যাপন আৰু সমাজৰ ক্ৰমাগত উন্নতিৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আহিছে।