/asomiyapratidin/media/media_files/2025/02/01/TVsPrvZ6GAYhTp1GqOq5.jpg)
সীতাৰমণ Photograph: (সীতাৰমণ)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ২০২৫-২৬বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটৰ পাছতেই ৫শতাংশ মূল্যবৃ্দ্ধি পাব জোতা-চেণ্ডেলৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চামৰা আৰু ইয়াৰ উদ্যোগসমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন নীতিৰ বাবেই এই মূল্য়বৃদ্ধি হব জোতা-চেণ্ডেলৰ খুচুৰা বজাৰত।
ৰিলেক্স, ৰ্মীজা ইন্টাৰনেচনেল আদি বেণ্ডৰ জোতা-চেণ্ডেলৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত হৈছে। ইফালে বাজেটত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, চলিত বিত্তীয় বৰ্ষত দেশত প্ৰতিখন উচ্চ, উচ্চতৰ আৰু প্ৰাথমিক বিদ্যালয়লৈ বণ্ড বেংক ইন্টাৰনেট সংযোগ প্ৰদান কৰিব চৰকাৰে। এই বণ্ড বেংক ইন্টাৰনেট চিকিতসা খণ্ডকো সামৰি ল'ব।