ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ভয়ংকৰ ঘটনা

ঘটনাস্থলীত ৰুণীখাতা থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় গাঁওবাসীৰ সহযোগত হত্যাকাৰী মুখা বসুমতাৰীক আটক কৰিছে। তাৰোপৰি উক্ত হত্যাকাণ্ডক কেন্দ্ৰ কৰি এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

author-image
Asomiya Pratidin
New Update
ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাত ভয়ংকৰ ঘটনা

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৱৰ্তী ৰুণীখাতাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। নাবালিকাক ধৰ্ষণ কৰা ঘটনাত অভিযুক্ত আচামীয়ে হত্যা কৰিলে ধৰ্ষণৰ গোচৰ তৰা গোচৰীয়া পক্ষৰ এগৰাকী মহিলাক। 

উল্লেখযোগ্য যে, প'কচো গোচৰৰ আচামী মুখা বসুমতাৰী (৩০) য়ে জে’লৰ পৰা জামিনত ওলাই আহি উক্ত প'কচ গোচৰৰ গোচৰীয়া হোবিলা বসুমতাৰী নামৰ এগৰাকী মহিলাক কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে। এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে মঙলবাৰে নিশা ৰুণীখাতা থানাৰ অন্তৰ্গত ৰাণীপুৰ গাঁৱত ।

ইফালে ঘটনাস্থলীত ৰুণীখাতা থানাৰ আৰক্ষী উপস্থিত হৈ স্থানীয় গাঁওবাসীৰ সহযোগত হত্যাকাৰী মুখা বসুমতাৰীক আটক কৰিছে। তাৰোপৰি উক্ত হত্যাকাণ্ডক কেন্দ্ৰ কৰি এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

chirang police