/asomiyapratidin/media/media_files/2025/06/29/269-2025-06-29-15-17-27.jpg)
পৰ্বতঝোৰাত চাঞ্চল্যকৰ ঘটনা
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : শনিবাৰে নিশা পৰ্বতঝোৰাৰ ৰঙামাটি অঞ্চলত সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতিৰ । অচিনাক্ত ব্যক্তিৰ চোকা অস্ত্ৰৰ আঘাতত আঘাতপ্ৰাপ্ত হয় মাতৃ-কন্যাসহ তিনিজনী। বগৰিবাৰী থানাৰ অন্তৰ্গত ৰঙামাটিত তৃতীয় খণ্ড গাঁৱত সংঘটিত হয় এই নৃশংস ঘটনা।
জানিব পৰা মতে গাঁৱখনৰ সাহাবুদ্দিন আলী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি শুই থকা অৱস্থাত তেওঁৰ পত্নী আৰু কন্যা সন্তানক শোৱাপাটিত অচিনাক্ত ব্যক্তিয়ে ঘৰত সোমাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত মাতৃগৰাকীয়ে মূৰত আঘাত পোৱাৰ উপৰি এজনী কন্যাৰ বাওঁহাতখন চোকা অস্ত্ৰৰে সম্পূৰ্ণ ৰূপে কাটি দিয়ে। তাৰোপৰি আনজনী কন্যাৰ মূৰ ফাটি ৰক্তাক্ত হৈ পৰে।
ভুক্তভোগী মাতৃগৰাকীৰ নাম আজিৰণ বিবি, কন্যা দুজনী হ’ল- স্বামীনা খাতুন আৰু মণি খাতুন। ইতিমধ্যে ঘটনাস্থলীত বগৰিবাৰী আৰক্ষী উপস্থিত হৈ আটাইকেইগৰাকীকে ধুবুৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুজনীৰ অৱস্থা অধিক অৱনিত হোৱাত জি এম চি এইচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।
ইফালে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই পলাই যায় যদিও বগৰীবাৰী আৰক্ষীয়ে পুৱতি নিশা অভিযান চলাই এই ঘটনাৰ লগত জড়িত এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱকজন হ’ল গৌৰীপুৰ থানাৰ অন্তৰ্গত বাঘমাৰা গাঁৱৰ ৰেজাউল কৰিম । ৰেজাউল কৰিমে প্ৰেমজনিত কাৰণত এই নৃশংস সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে ! অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনাৰ ৰহস্য ওলাই পৰিব।