পিতৃয়ে চিনাক্ত কৰিলে মৃত কন্যাক....

১৬ জুনত নগাঁৱৰ ডিফলুত আৰক্ষীয়ে উদ্ধাৰ কৰা মৃত কিশোৰীগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে। ১৫ বছৰীয়া কিশোৰীগৰাকী ৰহাৰ এটি পৰিয়ালে নিজৰ কন্যা বুলি দাবী কৰি সৎকাৰ কৰিছিল যদিও পৰবৰ্তী সময়ত ৰহাৰ কিশোৰী গৰাকীক নগাঁও আৰক্ষীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰে। 

author-image
Asomiya Pratidin
New Update
web ap dead

ডিজিটেল সংবাদ,নগাঁওঃ নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ১৬ জুনত নগাঁৱৰ ডিফলুত আৰক্ষীয়ে উদ্ধাৰ কৰা মৃত কিশোৰীগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে। ১৫ বছৰীয়া কিশোৰীগৰাকী ৰহাৰ এটি পৰিয়ালে নিজৰ কন্যা বুলি দাবী কৰি সৎকাৰ কৰিছিল যদিও পৰবৰ্তী সময়ত ৰহাৰ কিশোৰী গৰাকীক নগাঁও আৰক্ষীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰে। 

Advertisment

এই ঘটনাৰ পিছত আৰক্ষীয়ে কিশোৰী গৰাকীৰ মৃতদেহৰ সন্ধানত অভিযান চলাই আছিল যদিও আৰক্ষীয়ে পৰিচয় বিচাৰি পোৱা নাছিল । ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা নগাঁও আৰক্ষীৰ ওচৰত কাৰ্বিআংলং জিলাৰ পৱন ইংতি নামৰ লোকজন উপস্থিত হোৱাৰ পিছতে ৰহস্যৰ ওৰ পৰে।

পৱন ইংতিয়ে দাবী কৰা মতে, কিশোৰীগৰাকী তেওঁৰ কন্যা নম্ৰতা ইংতি। নম্ৰতা ১৫ জুনৰ পৰা সন্ধানহীন হৈ আছিল। পৱন ইংতিয়ে কন্যা নম্ৰতা সন্ধানহীন হোৱাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰিছিল। জানিব পৰা মতে, ডেনকাঘাটৰ নম্ৰতা ইংতিপি ১৫ জুনত ডিফুলৈ বুলি ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰিছিল। 

বৃহস্পতিবাৰে পৱন ইংতি আৰু তেওঁৰ পত্নীয়ে সন্ধানহীন নম্ৰতাৰ সন্ধান বিচাৰি কাৰ্বিআংলং আৰক্ষীৰ ওচৰলৈ পুনৰ যোৱাত আৰক্ষীয়ে নগাঁৱত উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ বিষয়ে অৱগত কৰে আৰু নগাঁৱত খবৰ লবলৈ কয়। নিশালৈ পৱন নগাঁৱত উপস্থিত হৈ মৃতদেহটো কনিষ্ঠা কন্যা নম্ৰতাৰ বুলি আৰক্ষীক অৱগত কৰে। ইয়াৰ পিছতে পিতৃ-মাতৃক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে ৰহা আৰক্ষীৰে যোগাযোগ কৰাই থানালৈ যাবলৈ দিয়ে।

সন্দেহ কৰা মতে, ডেনটাঘাটৰ পৰা ডিফুলৈ অহা পথত নম্ৰতাক কোনো দুৰ্বৃত্তই অপহৰণ কৰি পিছত হত্যা কৰি নগাঁৱৰ ডিফলুত পেলাই থৈ গৈছিল। আৰক্ষীয়ে কিশোৰী নম্ৰতাৰ ডিঙি চেপি হত্যা কৰাৰ সন্দেহ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

নগাঁও নগাঁও আৰক্ষী