বিহুৰ আনন্দৰ মাজতে লংকাৰ কাকীত জঘন্য ঘটনা…

ৰঙালী বিহুৰ আনন্দৰ মাজতে লংকাৰ কাকীত সংঘটিত হৈছে এক জঘন্য ঘটনা। সভ্য সমাজক লজ্জানত কৰি পুত্ৰই কাঢ়িলে পিতৃৰ প্ৰাণ। স্বাভাৱিকতে এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। 

author-image
Asomiya Pratidin
New Update
লংকাৰ কাকীত জঘন্য ঘটনা

ডিজিটেল সংবাদ, লংকা : ৰঙালী বিহুৰ আনন্দৰ মাজতে লংকাৰ কাকীত সংঘটিত হৈছে এক জঘন্য ঘটনা। সভ্য সমাজক লজ্জানত কৰি পুত্ৰই কাঢ়িলে পিতৃৰ প্ৰাণ। স্বাভাৱিকতে এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। 

Advertisment

কাকী মিলনপুৰত সংঘটিত এই ঘটনা অনুসৰি সামন্য কথাতে পিতা- পুত্ৰৰ মাজত কাজিয়াৰ সৃষ্টি হয়। তাৰ পাছতে সুৰামত্ত অৱস্থাত থকা পুত্ৰই পিতৃৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই লগতে হাত- ভৰি ভাগি দিয়ে। কেৱল ইমানেই নহয়, পুত্ৰৰ প্ৰহাৰ মুমূৰ্ষু অৱস্থা হোৱা পিতৃক জীৱন্তে জ্বলাই দিয়ে পাষাণ পুত্ৰই।

উল্লেখযোগ্য যে, পিতৃহন্তা পুত্ৰগৰাকীৰ নাম ৰাজকুমাৰ ছাম্পিয়া। একেদৰে পিতৃৰ নাম ছাৰ্জন ছাম্পিয়া।

ইতিমধ্যে ঘটনাস্থলীত কাকী আৰক্ষী উপস্থিত হৈ বুধবাৰে পুৱা আটক কৰিছে পাষাণ পুত্ৰ ৰাজকুমাৰক। তাৰোপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Assam police lanka