Advertisment

হেঙেৰাবাৰীত চাঞ্চল্যকৰ ঘটনা : চৰকাৰী আৱাসত উদ্ধাৰ মৃতদেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। চৰকাৰী আৱাস গৃহত উদ্ধাৰ হৈছে এটি মৃতদেহ। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Asomiya Pratidin
New Update
hengrabari

hengrabari

ডিজিটেল ডেস্ক : গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। চৰকাৰী আৱাস গৃহত উদ্ধাৰ হৈছে এটি মৃতদেহ। এই মৃতদেহ উদ্ধাৰৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে।

Advertisment

জানিব পৰা মতে হেঙেৰাবাৰীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী আৱাসত উদ্ধাৰ হৈছে মৃতদেহটো। ইতিমধ্যে এই মৃতদেহটো দ্বীজেন দাসৰ বুলি চিনাক্ত কৰা হৈছে। 

উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিম্ন বৰ্গৰ সহায়ক আছিল দাস। ইফালে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষী আৰু ফৰেনচিকৰ দল।

guwahati Assam police