Advertisment

বালিজুৰিত চাঞ্চল্যকৰ ঘটনা : শোৱাপাটীত মৃত অৱস্থাত উদ্ধাৰ মহিলা

চতিয়াৰ বালিজুৰিত শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম অনামিকা দাস, ঘটনাৰ পাছতে অনামিকাৰ স্বামী মিথুন বৌৰীয়ে পলায়ন কৰিছে...

author-image
Asomiya Pratidin
New Update
চতিয়া

চতিয়া

  • চতিয়াৰ বালিজুৰিত শোৱাপাটীতে মৃত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী মহিলা। 
  • এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷
  • ৰাজীৱ চুনাৰ নামৰ লোকজনৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ মহিলাগৰাকী।
  • মহিলাগৰাকীৰ নাম অনামিকা দাস। 
  • ৰাজীৱৰ পিতৃ বলবাহাদুৰ চুনাৰৰ কেয়াৰ টেকাৰৰূপে আছিল অনামিকা । 
  • তেজপুৰৰ অনামিকা দাস আৰু পতি মিথুন বৌৰীয়ে কেয়াৰ টেকাৰৰূপে আছিল চুনাৰৰ ঘৰত ৷
  • পুৱাই বলবাহাদুৰে শোৱাপাটীত অনামিকাক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে৷
  • লগে লগে বলবাহাদুৰে স্থানীয় ৰাইজক অৱগত কৰে৷
  • ইতিমধ্যে ঘটনাৰ পাছতে অনামিকাৰ স্বামী মিথুন বৌৰীয়ে পলায়ন কৰিছে ৷
  • ঘটনাস্থলীত ইটাখোলা আৰক্ষীৰ দল উপস্থিত ৷
Assam police