/asomiyapratidin/media/media_files/2025/01/21/jqxIz45WcHfBIwLvd36l.jpg)
কাজলগাঁৱৰ বৈখুনগাঁৱত চাঞ্চল্যকৰ ঘটনা
ডিজিটেল সংবাদ, চিৰাং : মঙলবাৰে পুৱাৰ ভাগত চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱৰ এঘৰ লোকৰ ঘৰত উদ্ধাৰ হৈছে সজীৱ গুলীসহ মাৰণাস্ত্ৰ। গোপন তথ্যৰ ভিত্তিত কাজলগাঁও থানাৰ আৰক্ষীয়ে বৈখুনগাঁৱৰ জামাল বাদশ্বাহ নামৰ ব্যক্তিজনৰ বাসগৃহৰ পিছফালে অভিযান চলাই উদ্ধাৰ কৰে দুজাঁই সজীৱ গুলীসহ এটা ৭.৬৫ এম এম পিষ্টল।
ইয়াৰ পাছতে আৰক্ষীয়ে উক্ত ঘটনাৰ অভিযোগত জামাল বাদশ্বাহক আটক কৰে। বাদশ্বাহক আটক কৰি লৈ যোৱাৰ সময়ত স্থানীয় ৰাইজে আদবাটতে বাধা প্ৰদান কৰে। ইয়াকে লৈ বৈখুনগাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
স্থানীয় ৰাইজৰ অভিযোগ যে, কোনোবা দুষ্ট চক্ৰই সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এই মাৰণাস্ত্ৰ জামাল বাদশ্বাহৰ ঘৰত ৰাখিছে। স্থানীয় ৰাইজে এই ঘটনাক সহজভাৱে মানি লব পৰা নাই । ঘটনা সন্দৰ্ভত ৰাইজে এক নিৰপেক্ষ তদন্তৰ দাবী কৰে। অৱশ্যে কিছু সময় পাছতে একাংশ স্থানীয় লোকে উত্তেজিত ৰাইজক বুজনি দিয়াত জামাল বাদশ্বাহসহ আৰক্ষীক যাবলৈ দিয়া হয়।
ইফালে একাংশ ৰাইজে এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষী থানা ঘেৰাও কৰে। ক্ষুব্ধ ৰাইজে জামাল বাদশ্বাহক বিনাচৰ্তে মুক্তি দিয়ক, অসম পুলিচ হায় হায়, আমাক ন্যায় লাগে আদি শ্লোগানেৰে কাজলগাঁও থানাৰ চৌহদ উত্তাল কৰি তোলে ।