ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হতবাক বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটি...

ভেঁকুৰ ধৰা অপাৰেচন কক্ষত ৰোগীক অস্ত্ৰোপ্ৰচাৰ
ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হতবাক বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটি
ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হতবাক বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটি

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি হতবাক বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটি। ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মঙলবাৰে বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটিৰ এটা দলে পৰিদৰ্শন কৰি হতচকিত হৈ পৰে।

জানিব পৰা অনুসৰি বি টি চি বিধান পৰিষদৰ Departmental Related Standing Committee in PWD & Roads ৰ অধ্যক্ষ তথা বি টি চিৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীৰ নেৰ্তৃত্বত আজি শাসক -বিৰোধী উভয় পক্ষৰ ৭ জনীয়া এটি দলে কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি বিভাগীয় কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে।

বি টি চি বিধান পৰিষদৰ Departmental Related Standing Committeeৰ সদস্যসকলে নজিৰ বিহীনভাৱে পোন প্ৰথমবাৰৰ বি টি চিৰ কাৰ্যবাহী সদস্য তথা বি জে পিৰ পাৰিষদ অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। সংবাদ মাধ্যমৰ আগত বি টি চিৰ স্বাস্থ্যবিভাগৰ কাৰ্যবাহী সদস্য তথা বি জে পিৰ পাৰিষদ অৰূপ কুমাৰ দে'ই কমিচনৰ নামত মোটা অংকৰ ধন লয় বুলি প্ৰকাশ কৰে ।

ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন
ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন

চিকিৎসালয়খনৰ অপাৰেচন থিয়েটাৰ , মেটাৰনিটি ৰুম , কেবিন , কৰিডৰৰ পৰা আৰম্ভ কৰি ৰোগী থকা কোঠাসমূহৰ অৱস্থা অতি কদৰ্যময় বুলি মত ব্যক্ত কৰি অপাৰেচন থিয়েটাৰৰ অৱস্থা অতি শোচেনীয় আৰু তাত অপাৰেচন কৰাৰ কোনো পৰিৱেশে নাই বুলি মন্তব্য প্ৰকাশ কৰে বি টি চি বিধান পৰিষদৰ ষ্টেনডিং কমিটিৰ সদস্য তথা বি পি এফৰ পাৰিষদ দনেশ্বৰ গয়াৰীয়ে ।

যি কাম ২০ লাখ টকা হ'লেই সুন্দৰভাৱে কৰিব পাৰি তাতে কোটি টকা খৰছ কৰিও কদৰ্যময় হৈ থকাৰ আঁৰত কমিচনৰ খেল জড়িত আছে বুলি মন্তব্য কৰে দনেশ্বৰ গয়াৰীয়ে। চিকিৎসালয়খনৰ জঘন্য অৱস্থাৰ বাবে মূলতঃ বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা বি জে পিৰ পাৰিষদ অৰূপ কুমাৰ দে দোষী বুলি উল্লেখ কৰে। আনহাতে পৰিৱৰ্তনৰ নামত কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খন পৰিবৰ্তন কৰি ৰাইজৰ বাবে সুচল কৰি দিবলৈ আহ্বান জনাই দনেশ্বৰ গয়াৰীয়ে ।

কোঠাসমূহৰ অৱস্থা অতি কদৰ্যময়
কোঠাসমূহৰ অৱস্থা অতি কদৰ্যময়

ইপিনে ষ্টেণ্ডিং কমিটিৰ আন এগৰাকী সদস্য দিলীপ কুমাৰ বড়োই কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ত মানুহৰ চিকিৎসা চলেনে বুলি প্ৰশ্ন উত্থাপন কৰে । বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই সদনৰ প্ৰশ্নত্তোৰ শিতানত ভুল তথ্য দিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি কোকৰাঝাৰৰ চিকিৎসা সেৱাৰ অৱস্থা যদি এনেকুৱা হয় তেনেহলে বি টি আৰ এলেকাৰ আন চিকিৎসালয়সমূহৰ অৱস্থা কেনে হ'ব সেয়া সহজেই অনুমেয় বুলি মন্তব্য কৰি দুখীয়া ৰাইজৰ সুবিধাৰ্থে স্বাস্থ্য খণ্ডৰ উন্নয়ন কামনা কৰে দিলীপ কুমাৰ বড়োৱে ।

ষ্টেনডিং কমিটি
ষ্টেনডিং কমিটি

উল্লেখ্য যে, ওপৰে ৰং-চং ভিতৰে কোৱাভাতুৰি সদৃশ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়খনত সম্প্ৰতি বিভিন্ন খেলিমেলিৰ সৃষ্টি হৈছে । বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য তথা বি জে পিৰ পাৰিষদ অৰূপ কুমাৰ দে'ৰ অকৰ্ণমন্যতাৰ বাবেই সম্প্ৰতি বি টি আৰৰ স্বাস্থ্য বিভাগ গেলি পচি গৈছে বুলি অভিযোগ উঠিছে ।

কোকৰাঝাৰৰ আৰ এন বি চিকিৎসালয়ৰ অপাৰেচন থিয়েটাৰৰ ভিতৰ ভাগ ভেঁকুৰ ধৰিছে আৰু তেনেকৈয়ে ৰোগীক ভেঁকুৰ ধৰা ৰুমত চিকিৎসকে অপাৰেচন কৰি আছে। তদুপৰি হাস্পতালৰ ভিতৰভাগো একেবাৰে কৰ্দযময় আৰু থু -বিষ্ঠা -গোবৰে পৰিৱেশ অসহনীয় কৰি তুলিছে বুলি জানিবলৈ দিয়ে ।

আনহাতে চিকিৎসক সকলেও বেছিভাগ সময় বাহিৰত ৰোগীক চোৱাত ব্যস্ত থাকে আৰু ৰোগীৰ ঔষধ - পৰীক্ষাৰ নামত চিকিৎসালয়ৰ ঠিক সন্মুখতে এখন বৃহৎ বজাৰৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যগৰাকী অকল বৃহৎ অংকৰ কমিচনৰ ধান্দাত থকা বুলি যেতিয়া বি টি চি বিধান পৰিষদৰ ষ্টেণ্ডিং কমিটিৰ সদস্যই মুকলিভাৱে অভিযোগ কৰে তেনে সময়ত কমিচনৰ বজাৰৰ বাবেই যে স্বাস্থ্য বিভাগ গেলি পচি গৈছে সেয়া সহজে অনুমেয় হৈ পৰিছে । সদায় পৰিবৰ্তনৰ শ্লোগান আওঁৰোৱা প্ৰমোদ বড়োই তেওঁৰ ঘনিষ্ঠ বুলি জনাজাত কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বিৰুদ্ধে কি কাৰ্যব্যৱস্থা হাতত লয় সেয়াহে লক্ষণীয় হ'ব বুলি জনায় ।

আৰু পঢ়কঃ অনলাইন বাইক বুক কৰা যুৱতীক দলবদ্ধ ধৰ্ষণ চালক আৰু সহযোগীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in