শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

শিৱসাগৰৰ চাৰিঙত বাঘৰ মুক্ত বিচৰণঃ গোহালিৰ পৰা লৈ গৈছে গৰু...

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ চাৰিঙত বাঘৰ মুকলি বিচৰণে শংকিত কৰি তুলিছে অঞ্চলবাসীক। উল্লেখযোগ্য যে, জনাঞ্চললৈ ওলাই অহা এই বাঘৰ দৃশ্য স্থানীয় লোকে মোবাইলতো বন্দী কৰিছে।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তেনে এটা ভিডিঅ'ত দেখা গৈছে, ৩ টা পোৱালিসহ এজনী বাঘ বিচৰণ কৰি থকা। অঞ্চলটোত আৰু অধিক বাঘ আছে বুলি নিশ্চিত হৈছে স্থানীয় ৰাইজ।

উল্লেখযোগ্য যে বাঘে গোহালিৰ পৰা গৰুও চিকাৰ কৰি নিছে। বন বিভাগে এই পৰ্যন্ত বাঘ ধৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰকাণ্ড এই বাঘ কেইটা পিঞ্জৰা পাতি ধৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে।

ক্লিক কৰি পঢ়কঃ আদানি বন্দৰৰ বিৰোধিতাৰে হিংসাত্মক প্ৰতিবাদঃ ৩ হাজাৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু...

শিৱসাগৰ