বিপিএফত যোগ দিলে শিৱনাথ ব্ৰহ্মই

বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত। বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি শিৱনাথ ব্ৰহ্মই বিজেপি ত্যাগ কৰি যোগ দিলে বিপিএফত। শিৱনাথ ব্ৰহ্ম বিজেপিৰ জেষ্ঠ্য নেতা হোৱাৰ উপৰিও বিজেপি ST মৰ্চাৰো সভাপতি আছিল।

author-image
Asomiya Pratidin
New Update
new ap web 1 (17)

ডিজিটেল সংবাদ, বাক্সাঃ বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত মোক্ষম আঘাত। বিজেপিৰ কোকৰাঝাৰ জিলাৰ প্ৰাক্তন সভাপতি শিৱনাথ ব্ৰহ্মই বিজেপি ত্যাগ কৰি যোগ দিলে বিপিএফত। শিৱনাথ ব্ৰহ্ম বিজেপিৰ জেষ্ঠ্য নেতা হোৱাৰ উপৰিও বিজেপি ST মৰ্চাৰো সভাপতি আছিল। শনিবাৰে বাক্সা জিলাৰ বৰমাৰ খাৰুৱাত অনুষ্ঠিত হোৱা বিপিএফৰ ৯০ সংখ্যক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত শিৱনাথ ব্ৰহ্মই যোগদান কৰে বিপিএফত।

Advertisment

ইফালে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ইউপিপিএল বিপিএফৰ মিত্ৰতাত ইউপিপিএলেহে হেমাহি কৰিছে বুলি কলে হাগ্ৰামা মহিলাৰীয়ে। লগতে প্ৰমোদ বড়োৰ ২ লাখটকীয়া চেকক ভুৱা আখ্যা হাগ্ৰামাৰ। আনহাতে, অখিল গগৈ উজনিৰ মানুহ , বিটিচিত কি কাম বুলিও প্ৰশ্ন কৰে বিপিএফৰ সভাপতিগৰাকীয়ে। বিপিএফৰ হৈ প্ৰচাৰ চলাবলৈ অখিল গগৈক আমন্ত্ৰণ হাগ্ৰামাৰ।

বিপিএফ