/asomiyapratidin/media/media_files/2025/02/26/CRy8Ji4pkU3QbBtuiyNR.jpg)
ডিজিটেল সংবাদ,শিৱসাগৰঃ আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত নিৰ্মিত শিৱসাগৰৰ ইতিহাসপ্ৰসিদ্ধ শিৱদৌলত আহোম যুগৰ পৰম্পৰা ৰক্ষা কৰি আজি পুৱতি নিশাৰে পৰা আৰম্ভ হৈছে শ্ৰীশ্ৰী মহা শিৱৰাত্ৰি পূজা ৷ আনহাতে কালি নিশাৰে পৰা আৰম্ভ হৈছে শিৱৰাত্ৰি মেলা ৷ শিৱসাগৰৰ শিৱদৌলত কালিৰে পৰা অহা ২৮ ফেব্ৰুৱাৰীলৈ বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা আৰু মেলা অব্যাহত থাকিব ৷
উল্লেখ্য যে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী দৌপদীয়ে কলঞ্চুপৰীয়া গোহাঁই গাঁৱত এটা বৃহৎ পুখুৰী খন্দাই তাৰ পাৰত উত্তৰপূৱৰ ভিতৰতেই ওখ আৰু বৃহৎ শিৱদ’ল নিৰ্মাণ কৰায় ৷ তাৰ দুয়োকাষে বিষ্ণুদ’ল আৰু দুৰ্গাদেৱীৰ দ’ল নিৰ্মাণ কৰায় ৷ ৰাণী তথা বৰৰজাৰ চত্ৰদন্ড লাভকৰা দৌপদীয়ে স্বামীৰ নাম অনুসৰি পুখুৰীটোৰ শিৱসাগৰ ৰাখে ৷ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালৰে পৰা ঐতিহাসিক শিৱসাগৰৰ শিৱদ’লত শিৱৰাত্ৰি পূজা অনুষ্ঠিত কৰি অহা হৈছে ৷
/asomiyapratidin/media/media_files/2025/02/26/KQp6h9RA3qH7YTYtfGJm.jpg)
তাৰ পৰৱৰ্তী সময়ত শিৱদৌল প্ৰাঙ্গণত মেলা অনুষ্ঠিত কৰা হয় ৷ এইবাৰো অতি উলহ মালহেৰে চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি আৰু মেলা অনুষ্ঠিত হৈছে ৷ মঙলবাৰে নিশা এক জনাকীৰ্ণ পৰিবেশত শিৱৰাত্ৰি মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ।
অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ কয় যে, মানুহে বহু আশাৰে এই দ’ললৈ আহিছে ৷ তেওঁলোকৰ আশা পূৰ্ণ হ’ব, সকলোৱে শান্তি অনুভৱ কৰাৰ লগতে ইয়াৰ পৰা শান্তিৰ বাৰ্তা লৈ যাব ৷ তেওঁ শিৱৰাত্ৰি আৰু মেলা উপলক্ষে সকলোকে শিৱদৌললৈ আমন্ত্ৰণ জনায় ৷ অসমৰ ভিতৰত শিৱসাগৰৰ ওপৰত সকলোৰে দৃষ্টি আছে ৷ শিৱসাগৰৰ উন্নতি হ’ব লাগিব ৷ শিৱসাগৰৰ উন্নয়নৰ বাবে কৰিবলগীয়া অনেক কাম আছে ৷ গৌৰৱ গগৈয়ে শিৱসাগৰৰ উন্নয়নত সাধ্যানুসাৰে সহযোগিতা আগবঢ়াৱ বুলি মন্তব্য কৰে ৷ তেওঁ জনাকীৰ্ণ পৰিবেশ দেখি আপ্লুত হোৱাৰ কথা ব্যক্ত কৰে ৷
/asomiyapratidin/media/media_files/2025/02/26/1r8iA03EFsSzGZ2LpGjD.jpg)
আনহাতে শিৱৰাত্ৰি মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় যে, ১৭৩৪ চনত স্থাপন হোৱা শিৱদ’লত তেতিয়াৰে পৰা শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে ৷ অসমেই নহয়, দেশৰ আটাইতকৈ উল্লেখযোগ্য শিৱদ’লৰ মেলা উদ্বোধন কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয় বুলি মন্তব্য কৰে ৷
তেওঁ কয় মই ২০২৬ চনলৈকে ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণৰ পৰা ঐতিহাসিক সম্পদ পৰিস্কাৰ কৰাৰ বাবে ধন লাভ কৰা হৈছে ৷ শিৱদ’ল, তলাতল ঘৰ, ৰংঘৰ আৰু ঘনশ্যাম ঘৰ ইতিপূৰ্বে পৰিস্কাৰ কৰাৰ লগতে জয়সাগৰ পুখুৰীৰ পাৰত এখন বিতোপন উদ্যান নিৰ্মাণ কৰা হৈছে ৷
/asomiyapratidin/media/media_files/2025/02/26/gB26mdmbiaAbhLdZ4nwF.jpg)
অখিল গগৈয়ে কয়, ২৫ কোটি টকাৰে শিৱসাগৰ পুখুৰীৰৰ পাৰ উন্নয়নৰ কাম আৰম্ভ হৈছে ৷ শিৱদ’লৰ উন্নয়নৰ বাবে ৰাইজে দায়িত্ব দিছে ৷ শিৱসাগৰৰ শিৱৰাত্ৰি পূজা আৰু মেলা অসমৰ ভিতৰতে ডাঙৰ ৷ ভাৰতৰ সকলো প্ৰান্তৰ পৰা ইয়ালৈ মানুহ আহে ৷ এইখন ধৰ্ম নিৰপেক্ষ মেলা ৷ হিন্দু মুছলমানকে আদিকৰি সকলো ধৰ্মাৱলম্বী লোকে শিৱৰাত্ৰি আৰু মেলাৰ লগত জড়িত হয় ৷ তেওঁ দ’ল উন্নয়ন পৰিষদৰ সম্পাদক বসন্ত গগৈক ভূয়সী প্ৰশংসা কৰে ৷ যিহেতু তেওঁ শিৱৰাত্ৰি সুন্দৰভাৱে উদযাপন কৰে ৷
/asomiyapratidin/media/media_files/2025/02/26/dCfiJqejRsTiq4eKx8Dw.jpg)
অখিল গগৈয়ে শিৱসাগৰ চহৰৰ ড° ময়িদুল ইছলাম বড়া প্ৰেক্ষাগৃহৰ বাবে ৫০ লাখ টকা আগবঢ়োৱাৰ কথা কয় ৷ শিৱসাগৰৰ গৌৰৱ আৰু ঐতিহ্য বিধানসভাৰ মজিয়াত ৰাখিবলৈ সদায়ে চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ তেওঁ কয় ৪৪৮ কোটি টকা ব্ৰক্ষ্মপুত্ৰৰ বান গৰাখহনীয়া ৰোধৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা হৈছে ৷ ১৪২ কোটি টকাৰে ৰংঘৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে ৷
ইয়াৰ পিছত তলাতল ঘৰৰ কাম হ’ব ৷ অহা মাৰ্চ মাহত ইয়াত কেবিনেট অনুষ্ঠিত কৰাৰ কথা কৈছো ৷ ১০৮ কোটি টকাৰে নৰ্দা উন্নয়নৰ পৰিকল্পনা কৰা হৈছে ৷ তাই যাদুঘৰৰ কাম চলি আছে ৷ ১০০ কোটি টকাৰ বৰআলিৰ কাম চলি আছে ৷ ৩৫ কোটি টকাৰে হাড়মতি গড়ৰ কাম আৰম্ভ হ’ব ৷ দৰিকাৰ বান প্ৰতিৰোধৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে বুলি অখিল গগৈয়ে কয়।
ৰংপুৰীয়া মহিলাচ’ৰাৰ পদ্মা চেতিয়াৰ নেতৃত্বত শিৱ বন্দনাৰে উদ্ধোধনী অনুষ্ঠানৰ কাৰ্যসূচীৰ পাতনি মেলা হয় ৷ অনুষ্ঠানত দ’ল উন্নয়ন পৰিষদৰ সভাপতি তথা জিলা আয়ুক্ত আয়ুস গৰ্গে শিৱৰাত্ৰি পূজা আৰু মেলা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰাৰ সকলো প্ৰচেষ্টা চলোৱাৰ কথা ব্যক্ত কৰে ৷ তেওঁ শিৱসাগৰৰ ঐতিহ্যৰ সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ দ’ল উন্নয়ন পৰিষদৰ উপসভাপতি ড° দিব্য কুমাৰ ৰাজখোৱা, সদস্য বিকাশ দে, উন্নয়ন আয়ুক্ত সমীৰণ বৰা, এনামউদ্দিন আহমেদ আৰু মণিৰুল ইছলাম বড়া উপস্থিত থাকে ৷ জিলা আয়ুক্ত আয়ুস গৰ্গে শিৱৰাত্ৰি পূজা আৰু মেলাৰ বাবে জনসাধাৰণৰ সহযোগিতা বিচাৰে ৷
/asomiyapratidin/media/media_files/2025/02/26/LFXTPBK0QqfoVkL2Yt4k.jpg)
এই শিৱৰাত্ৰি পূজা আৰু মেলাত অংশগ্ৰহণ কৰাৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ সাধু-সন্ন্যাসীৰ লগতে ব্যৱসায়ী প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ সকং আহি শিৱসাগৰত উপস্থিত হৈছেহি ৷ আজি সন্ধিয়া ৬ বজাত দ’লমুখ চাৰিআলিৰ অস্থায়ী মণ্ডপত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব জিলা আয়ুক্ত আয়ুস গৰ্গে ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব শিৱসাগৰ পৌৰসভাৰ উপ-পৌৰপতি সঞ্জীৱ বৰা৷
ইয়াৰ পাছতেই জানকী মহিলা সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা ‘মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ’ ভাওনা প্ৰদৰ্শন কৰা হ’ব৷ ২৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজাত শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ স্মাৰক গ্ৰন্থ ‘মুক্তিনাথ’ উন্মোচন কৰিব শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ ইয়াৰ পাচতেই অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সব্যসাচী মহন্তই ৷
/asomiyapratidin/media/media_files/2025/02/26/AQ3fwMHPKgmyws3bEbTy.jpg)
ইফালে ২৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৷ তাৰ পাছতেই জনপ্ৰিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ গীতৰ অনুষ্ঠান অনুস্থিত হ’ব ৷
আনহাতে শিৱদৌল প্ৰাঙ্গন আৰু ইয়াৰ চৌপাশ, ফুলেশ্বৰী ছোৱালী উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ সামৰি অনুষ্ঠিত হ’বলগীয়া এই মেলাত হাজাৰ হাজাৰ দৰ্শনাৰ্থী সমাগম হোৱাৰ প্ৰতি লক্ষ্য ৰাখি শিৱৰাত্ৰি উদ্যাপন সমিতিয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো নিৰিক্ষণ কৰিবৰ বাবে চি চি টি.ভি কেমেৰাৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে, শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে কাইলৈ অৰ্থাৎ ২৭ ফেব্ৰুৱাৰী দিনটো জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে ৷
/asomiyapratidin/media/media_files/2025/02/26/5YzZYpCPY3GUExX2DN7J.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us