/asomiyapratidin/media/media_files/2025/03/20/xRg6JjxNy4ezRJF45Ec9.jpg)
ডিজিটেল সংবাদ, শিলচৰ : পুনৰ সৰ্বভাৰতীয় পৰীক্ষাত উজলিল অসমৰ ছাত্ৰ। সদ্যঘোষিত ২০২৫ চনৰ আই আই টি জাম পৰীক্ষাত দশম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে শিলচৰৰ মেধাৱী ছাত্ৰ শিৱাংক সিনহাই।
শিলচৰৰ ৰামানুজ গুপ্ত কলেজৰ অৰ্থনীতি বিভাগৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ শিৱাংক সিনহাই ভবিষ্যতে দিল্লী আই আই টিত অৰ্থনীতি বিভাগত অধ্যয়ন কৰাৰ লগতে পৰৱৰ্তী সময়ত ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ (ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট,আই এছ আই) পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ইচ্ছা। উল্লেখ্য যে আই আই টি জাম পৰীক্ষাত স্থান লাভ কৰাৰ বাবে শিলচৰ মালুগ্ৰাম শ্ৰীনগৰ ৰোডৰ বাসিন্দা সুনিৰ্মল সিনহা আৰু অনিন্দিতা সিনহাৰ পুত্ৰ শিবাংক সিনহাই বিগত ডেৰ বছৰ ধৰি প্ৰস্তুতি চলাইছিল।
উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯৬ শতাংশ নম্বৰ লাভ কৰা মেধা ছাত্ৰজনৰ মতে, সৰ্বভাৰতীয় পৰীক্ষাত শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰা যথেষ্ট কঠিন । ছাত্ৰজনৰ এই সফলতাত ডনবক্স' স্কুল, ৰামানুজন কলেজ, অসম বিশ্ববিদ্যালয়ৰ শিক্ষক সকলৰ লগতে পৰিয়ালৰ লোক সকলে যথেষ্ট গৌৰৱ অনুভৱ কৰিছে।