Advertisment

প্ৰবীণ শিক্ষাবিদ কবি শিৱ প্ৰসাদ গগৈ আৰু নাই….

পত্নী বিশিষ্টা লেখিকা তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক পুষ্পা গগৈ ,দুই পুত্ৰ আৰু অগণন ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইস সংসাৰত এৰি গৈছে গগৈয়ে । বুধবাৰে প্ৰয়াত শিক্ষাব্ৰতী গৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনাই শেষকৃত্য সম্পন্ন কৰা হ’ব ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ শৈক্ষিক জগতৰে নহয় ভাষা সাহিত্য ক্ষেত্ৰখনৰ এটি সমুজ্জল নক্ষত্ৰৰ মঙলবাৰে মহাপ্ৰয়ান ঘটিল । "এজাক বাখৰুৱা বৰষুণ"ৰ স্ৰষ্টা চাৰিকড়ীযাৰ কবি , বিশিষ্ট লেখক তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষাবিদ, অৱসৰী অধ্যক্ষ শিৱ প্ৰসাদ গগৈ(৮১)ৰ মঙলবাৰে বাৰ্ধক্যজনিত কাৰণত বৈকুণ্ঠগামী হয় । 

Advertisment

ঢকুৱাখনা নগৰৰ বাসিন্দা শিৱ প্ৰসাদ গগৈয়ে মঙলবাৰে নিশা প্ৰায় ৮.১৫ বজাত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । ঢকুৱাখনাৰ স্বাভিমানী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক তথা খনিকৰ গগৈয়ে জ্ঞান আৰু শিক্ষাৰ পোহৰ বিলাবলৈ শিৱসাগৰ জিলাৰ চেলেংহাতৰ পৰা ঢকুৱাখনালৈ আহি নিগাজি ঢকুৱাখনীয়াৰ পৰিচয় আঁকোৱালি লৈছিল । 

প্ৰায় ১৯৬৭ চনৰ ১৪আগষ্টত ঢকুৱাখনালৈ আহি ঢকুৱাখনা মহাবিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলা সুদৰ্শন ,সদা হাস্যমুখী ,স্পষ্টবাদী গগৈয়ে মহাবিদ্যালয়খনৰ বহুবাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অৱশেষত ১৯৯০ চনৰ পৰা ২০০৪ চনলৈ অধ্যক্ষৰ গুৰু দায়িত্ব গ্ৰহণ কৰি অৱসৰ লৈছিল ।

ঢকুৱাখনা মহাবিদ্যালয়খনৰ প্ৰতি থকা অকৃত্ৰিম আৰু নিভাঁজ দায়িত্ববোধ আৰু নিখুঁত পৰিচালনাৰ ফলশ্ৰুতিত উচ্চ শিক্ষানুষ্ঠানখনে এক সৰ্বজন সমাদৃত আৰু উৎকৃষ্ট মানৱ সম্পদৰ স্রষ্টাকাৰী শিক্ষানুষ্ঠান হিচাপে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত চানেকি ৰাখিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত ঢকুৱাখনাৰ সমাজ জীৱনৰে সম্পৃক্ত হৈ সগৰ্ভা চাৰিকড়ীয়াৰ পাৰত স্থায়ী থিতাপি লৈ নিজৰ কাব্য সাহিত্য চৰ্চাৰে সুকীয়া পৰিচয় আৰ্জিবলৈ সক্ষম হৈছিল গগৈ ।

সদা হাস্যমুখী ,বিনয়ী আৰু পৰিচ্ছন্ন বেশভূষাৰে সুকীয়া পৰিচিতি অর্জন কৰিবলৈ সক্ষম হোৱা গগৈয়ে "এজাক বাখৰুৱা বৰষুণ", "মন দাপোনত সময়", "ৰতনপুৰৰ নিচুকনি মায়া ", "তেজত ফুলা দিন"কে প্ৰমুখ্য কৰি বহু কেইখন কাব্য সংকলন প্ৰকাশ কৰি গৈছে । চাৰিকড়ীয়াৰ পাৰৰ কবি গগৈয়ে নাট্য সাহিত্যৰ লগতে অভিনয় ক্ষেত্ৰখনলৈকো জীপাল অৱদান আগবঢ়াই গৈছে ।

ঢকুৱাখনাৰ সমাজ সভ্যতাৰ সৈতে অংগাংগী ভাবে সম্পৃক্ত প্ৰবীণ শিক্ষাবিদ সাহিত্য সাধক গৰাকীৰ মৃত্যুৰ বাতৰিয়ে ভোগালীৰ উচাহ ম্লান কৰা পৰিলক্ষিত হয় । ঢকুৱাখনা কবি সমাজ , ঢকুৱাখনা শাখা সাহিত্য সভা, গণতান্ত্ৰিক সাহিত্য মঞ্চ ,চেকুলাৰ ফৰাম অসম,উত্তৰ পূব ভাৰত কবিতা পৰিষদ অসমৰ সভাপতি পদ অলংকৃত কৰি যোৱা গগৈৰ বিয়োগৰ বাতৰিয়ে ঢকুৱাখনাত শোকৰ ছাঁ পেলাইছে ।

পত্নী বিশিষ্টা লেখিকা তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক পুষ্পা গগৈ ,দুই পুত্ৰ আৰু অগণন ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইস সংসাৰত এৰি গৈছে গগৈয়ে । বুধবাৰে প্ৰয়াত শিক্ষাব্ৰতী গৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলী জনাই শেষকৃত্য সম্পন্ন কৰা হ’ব । প্ৰবীণ শিক্ষাবিদ গৰাকীৰ বিয়োগত ঢকুৱাখনা মহাবিদ্যালয়(স্বায়ত্ব শাসিত)ৰ ডঃ যোগানন্দ সূত , মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট ,ছাত্ৰ একতা সভা, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ , বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন , ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘ ,ঢকুৱাখনা এক্টিং একাডেমিৰ অধ্যক্ষ গৌৰৱ বৰুৱা, ঢকুৱাখনা প্ৰেছ গীল্ডৰ সম্পাদক পুলক জ্যোতি বৰা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ পবিত্ৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে ।

নিহত