মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিধায়ক, ক’লে মোক অপহৰণ কৰা হৈছিল…

মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিধায়ক, ক’লে মোক অপহৰণ কৰা হৈছিল…

author-image
asomiyapratidin
New Update
মহাৰাষ্ট্ৰলৈ উভতিল শিৱসেনাৰ বিধায়ক, ক’লে মোক অপহৰণ কৰা হৈছিল…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকতে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। প্ৰতি মুহুৰ্কতে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পট।ইয়াৰ মাজতে খবৰ আহিছে যে শিৱসেনাৰ বিধায়ক নিতিশ দেশমুখ গুজৰাটৰ পৰা উভতি গৈছে মহাৰাষ্ট্ৰলৈ।

Advertisment

অভিযোগ উত্থাপন কৰি কয় যে তেওঁক অপহৰণ কৰা হৈছে।তেওঁ কয় যে তেওঁক অপহৰণ কৰি গুজৰাটৰ চুৰাটলৈ লৈ যোৱা হৈছিল আৰু তেওঁ কিবাকৈ পলাই আহিবলৈ সক্ষম হৈছে। তেওঁৰ সমৰ্থন এতিয়াও উদ্ধৱ থাকৰেৰ প্ৰতিয়েই আছে।

তেওঁ কয় যে মই "মই পলাই আহিছিলো আৰু পুৱা প্ৰায় ৩ বজাত ৰাস্তাত থিয় হৈ যাত্ৰা কৰিবলৈ চেষ্টা কৰি আছিলো। তেতিয়া এশৰো অধিক আৰক্ষী আহি মোক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ লৈ যায়। তেওঁলোকে মোৰ হাৰ্ট এটেক অহাৰ দৰে নাটক কৰিছিল"।

দেশমুখে কয় যে তেওঁক হস্পাতালত বেজীও দিয়া হৈছিল।তেওঁ কয় যে তেওঁক জোৰকৈ হস্পাতালক লৈ যোৱা হৈছিল।

লগতে কয় যে তেওঁ নিশ্চিত ৰূপত উদ্ধৱ থাকৰেৰ লগত আছে।উল্লেখ্য যে,দেশমুখৰ পত্নীয়ে মঙলবাৰে তেওঁৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল।

প্ৰতিমূহুৰ্ততে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। ইতিমধ্যে প্ৰায় ৪০ গৰাকী বিধায়ক গুৱাহাটীত বাহৰ পাতিছে লগতে আন ৪ গৰাকী বিধায়ক আহি পাবহি সন্ধিয়া প্ৰায় ৫ বজাত। অন্যহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাত মিলিকত হ'ব বিসম্বাদী মন্ত্ৰী বিধায়ক সকলৰ সৈতে।

আৰু পঢ়ক: দৰং জিলাত পুনৰ তিনি দিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা জিলা প্ৰশাসনৰ…

assam maharashtra shiv sena bjp