” আমি হিন্দুত্ববাদক অনুসৰণ কৰিম” গুৱাহাটীত মহাৰাষ্ট্ৰৰ প্ৰায় ৪০ মন্ত্ৰী-বিধায়ক

” আমি হিন্দুত্ববাদক অনুসৰণ কৰিম” গুৱাহাটীত মহাৰাষ্ট্ৰৰ প্ৰায় ৪০ মন্ত্ৰী-বিধায়ক

author-image
asomiyapratidin
New Update
” আমি হিন্দুত্ববাদক অনুসৰণ কৰিম” গুৱাহাটীত মহাৰাষ্ট্ৰৰ প্ৰায় ৪০ মন্ত্ৰী-বিধায়ক

 ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকত দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ দেশবাসীৰ। মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকত নমাই গুৱাহাটীত উপস্থিত হৈছে শিৱসেনা আৰু নিৰ্দলীয়ৰ প্ৰায়  ৪০ গৰাকী মন্ত্ৰী বিধায়ক।  একনাথ সিন্ধেৰ নেতৃত্বত গুৱাহাটীলৈ অহা এই দলটোত আদৰণি জনাইছে বিজেপি নেতা সুশান্ত বৰগোঁহাই আৰু পল্লৱ লোচন দাসে।

Advertisment

একনাথ সিন্ধে দাবী কৰিছে যে ৫৫ গৰাকী শিৱসেনাৰ বিধায়কৰ ভিতৰত ৪০ গৰাকী তেওঁৰ সমৰ্থনত আছে লগতে আছে ৬ গৰাকী নিৰ্দলীয় বিধায়ক।উল্লেখ্য যে, দলত্যাগ বিৰোধী আইনৰ অধীনত তেওঁ অযোগ্যতাৰ প্ৰক্ৰিয়াৰ সন্মুখীন নহ'ব বুলি নিশ্চিত কৰিবলৈ সিন্ধেক ৩৭ জন দলীয় বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন।

সিন্ধে কয় যে, তেওঁলোকে শিৱসেনা ত্যাগ নকৰে কিন্তু বালচাহাব থাকৰেৰ হিন্দুত্ববাদকত অনুসৰণ কৰিব। তেওঁ কয় যে "আমি কেতিয়াও বালচাহেব থাকৰেৰ শিলসেনাক ত্যাগ নকৰো। আমি হিন্দুত্ববাদক বিশ্বাস কৰো"।

বিজেপি শাসিত ৰাজ্য অসমলৈ অহাৰ পূৰ্বে বিসম্বাদী মন্ত্ৰী বিধায়ক সকলে বাহৰ পাতিছিল আন এখন বিজেপি শাসিত ৰাজ্য গুজৰাটৰ সুৰাতত।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে পুনৰ বিবেচনা কৰি দললৈ উভতি  যাবলৈ কৈছিল সিন্ধেক। সূত্ৰ অনুসৰি জানিব পৰা মতে সিন্ধে কয় যে তেওঁলোকে বিজেপিৰ লগত পুনৰ মিত্ৰতা কৰিব আৰু একেলগে মহাৰাষ্ট্ৰত শাসন চলাব।

ইয়াৰ পূৰ্বে মঙলবাৰে পাৰ্টী চিফ হুইপৰ পদ ত্যাগ কৰিছিল একনাথ সিন্ধে আৰু বাহৰ পাতিছিল সুৰাতত। হোটেলত থকা অৱস্থাত সুৰাতত কেইবাগৰাকী বিজেপি নেতাই তেওঁলোকক সাক্ষাৎ কৰিছিল। অন্যহাতে সিন্ধে টুইটাৰৰ পৰা শিৱসেনাৰ নামো ত্যাগ কৰিছিল যাৰ পাছৰ পৰা তেওঁলোকৰ বিজেপিত যোগদানৰ সম্ভাৱনাই দেখা দিছে।

সোমবাৰৰ বিধান পৰিষদৰ নিৰ্বাচনত সন্দেহজনক ক্ৰছ ভোটদানৰ পিছত মহাৰাষ্ট্ৰত সংকটৰ আৰম্ভ হৈছিল য'ত বিজেপিয়ে ১০ খন আসনৰ ভিতৰত ৫ খন আসন লাভ কৰিছিল,।

এমভিএৰ মুৰব্বী শিৱসেনাৰ ৫৫ জন বিধায়ক আছে। ২৮৮ জনীয়া সদনত মিত্ৰদল এনচিপি (৫৩) আৰু কংগ্ৰেছৰ (৪৪) আছে, যাৰ কাৰ্যকৰী শক্তি এতিয়া ২৮৫ জন। বিজেপিৰ ১০৬ জন বিধায়ক আছে।

আৰু পঢ়ক: গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ ৪০ বিসম্বাদী বিধায়ক, আদৰণি বিজেপিৰ…

eknath shinde maharashtra shiv sena bjp assam