/asomiyapratidin/media/media_files/2025/06/11/gmE1lKpPBnEkADolBvly.jpg)
ডিজিটেল ডেস্কঃ শ্বিলং আৰক্ষীয়ে ৰাজা ৰঘূবংশীৰ হত্যাকাণ্ডক লৈ তীব্ৰ গতিত তদন্ত আৰম্ভ কৰিছে। মঙলবাৰে আটাইকেগৰাকী অভিযুক্তক আদালতত হাজিৰ কৰাৰ পাছতে শ্বিলং আৰক্ষীৰ এটা দল আহি উপস্থিত হয় গুৱাহাটীত। গুৱাহাটীৰ এখন বিশেষ লজত শ্বিলং আৰক্ষীয়ে চলাই অভিযান।
পাণবজাৰৰ এখন বিশেষ লজত শ্বিলং আৰক্ষীয়ে অভিযান চলোৱা আৰতো আছে এটা কাৰণ। ইন্দোৰৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰিয়েই ৰাজা আৰু সোণমে এখন বিশেষ লজত আশ্ৰয় লৈছিল। লজ খনৰ নাম আছিল আনন্দ লজ। এই লজৰ পৰাই কামাখ্যা আৰু তাৰ পিছত শ্বিলঙলৈ গৈছিল ৰাজা আৰু সোণম।
শেহতীয়াকৈ এই তথ্য লাভ কৰাৰ পাছতে শ্বিলং আৰক্ষীৰ এটা দলে আনন্দ লজৰ মেনেজাৰক সোধ-পোচৰ বাবে শ্বিলঙলৈ লৈ যায়। অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই। আনফালে আৰক্ষীয়ে সকলো অভিযুক্তক লৈ বুধবাৰেহে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিব বুলি জানিব পৰা গৈছে।