/asomiyapratidin/media/media_files/2025/07/03/fgfgfg-2025-07-03-17-42-34.jpg)
চিলাপথাৰৰ "দাস হোটেলৰ" গৰাকীৰ আকস্মিক মৃত্যুক লৈ চাঞ্চল্য
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ-জোনাই সংযোগী পথৰ বিখ্যাত "দাস হোটেল"ৰ গৰাকী চিত্তো ওৰফে চিতাংশু দাসৰ (৫০) অস্বাভাৱিক মৃত্যুৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভৈৰৱপুৰৰ নিবাসী সুধীৰ দাসৰ পুত্ৰ চিত্তোৱে বুধবাৰৰ নিশা নিজা হোটেলৰ পৰা উভতি শোৱাপাটিত পৰে। পিছে বৃহস্পতিবাৰৰ পুৱা ঘৰৰ অন্য এটা কোঠাত ডিঙিত চীপ লৈ আত্মহত্যা কৰা অৱস্থাত পৰিয়ালৰ লোকে চিত্তোক উদ্ধাৰ কৰে।
চিলাপথাৰ নগৰৰ ভিতৰতে এক পুৰণি আৰু ভাল ব্যৱসায় হোৱা হোটেল হিচাপে পৰিচিত দাস হোটেলখনৰ গৰাকী জনে কি কাৰণত এনে চৰম পন্থা গ্ৰহণ কৰিলে তাক লৈ আশ্বৰ্য প্ৰকাশ কৰিছে ৰাইজে। এই হোটেলখনতে কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল ১০ জনকৈ কৰ্মচাৰীয়ে। ব্যৱসায়ীজনৰ আকস্মিক মৃত্যুৰ ঘটনাই হাহাকাৰ লাগিছে পৰিয়ালটোৰ লগতে তেওঁৰ হোটেলৰ কৰ্মচাৰী সকলৰ মাজত।
অমায়িক আৰু সৰলমনা লোকজনে মৃত্যুৰ সময়ত ৰুগীয়া বৃদ্ধ মাতৃ,পত্নী,পুত্ৰসহ আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।