Advertisment

বিশিষ্ট নিবন্ধকাৰ ড০ সব্যসাচী মহন্তক ‘শিক্ষা পদ্ম’ বঁটা-২০২৪ প্ৰদান

জাতীয় অনুষ্ঠান অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড॰ সব্যসাচী মহন্তলৈ তেওঁৰ কৰ্মৰাজিৰ দীৰ্ঘদিনীয়া স্বীকৃতি হিচাপে ‘শিক্ষা পদ্ম’ বঁটা-২০২৪ প্ৰদান কৰে ৷

author-image
Asomiya Pratidin
New Update
award

award

ডিজিটেল সংবাদ, শিৱসাগৰ : জাতীয় অনুষ্ঠান অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ সভাপতি ড॰ সব্যসাচী মহন্তলৈ তেওঁৰ কৰ্মৰাজিৰ দীৰ্ঘদিনীয়া স্বীকৃতি হিচাপে ‘শিক্ষা পদ্ম’ বঁটা-২০২৪ প্ৰদান কৰে ৷ সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, সাপেখাটী আঞ্চলিক সমিতি আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সাপেখাটী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহৰ প্ৰাংগণত আয়োজিত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ ১৯ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত তেওঁক এই সন্মান প্ৰদান কৰে ৷

Advertisment
award
award

 

বঁটাটি গ্ৰহণ কৰি সংগঠনটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশেৰে ড০ সব্যসাচী মহন্তই কয়- ‘সামাজিক, শৈক্ষিক, বৌদ্ধিকভাৱে অধিক দায়িত্বশীল, দায়বদ্ধ কৰি তুলিলে ৷ আকৌ এবাৰ জাতীয় জীৱনৰে সংপৃক্ত হৈ পুনৰ এবাৰ সেৱাৰ মনোভাৱ আৰু সমৰ্পিত মনোভাৱেৰে নতুন উদ্যম, নতুন উৎসাহেৰে এক নতুন জীৱন পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ শক্তি-উদ্দীপনা প্ৰদান কৰিছে৷’  

আনহাতে উক্ত অনুষ্ঠানতে ‘স্বাভিমান’ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডাঃ প্ৰকাশ বৰগোহাঁইয়ে ৷ অনুষ্ঠানত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈ, প্ৰাক্তন সভাপতি ধৰ্মকান্ত গগৈ, প্ৰাক্তন সম্পাদক মণ্টু দাস,  সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্তৰ লগতে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ৷ 

award
award

 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জাগৃত মহিলা মঞ্চ চৰাইদেউ সমিতিয়ে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে সমবেত সংগীত পৰিৱেশন কৰে৷ ইফালে পুৱা অনুষ্ঠানৰ আৰম্ভণিতে বিভিন্ন জাতি- জনগোষ্ঠীৰ সমন্বয়েৰে উলিওৱা বৰ্ণিল শোভাযাত্ৰা মুকলি কৰে বিশিষ্ট অভিনেত্ৰী প্ৰিয়ম পল্লৱীয়ে ৷ নিশালৈ দেৱজিৎ বৰাৰ সংগীতানুষ্ঠানে অনুষ্ঠানত উপস্থিত থকা ৰাইজক মুগ্ধ কৰে ৷

award