শ্বেৰমান আলী আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ হ'ব আজি ! অসম বিধান সভাত চলি আছে শুনানি..

author-image
Asomiya Pratidin
New Update
শ্বেৰমান আলী আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ হ'ব আজি ! অসম বিধান সভাত চলি আছে শুনানি..

assam assembly

ডিজিটেল ডেস্কঃ আজি বিধায়ক পদ খাৰিজ হ'ব পাৰে দুই কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আৰু শশী তান্ত দাসৰ। শেহতীয়াকৈ এটাৰ পিছত আন এটাকৈ বিতৰ্কত সোমাই পৰা বিধায়ক শ্বেৰমান আলীয়ে নিজৰ কৰ্মকাণ্ড আৰু বিতৰ্কিত মন্তব্যৰে কংগ্ৰেছ দলটোক বিপদত পেলাই আহিছে।

Advertisment

কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ কথাৰে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক বিপদত পেলোৱা বিধায়ক শ্বেৰমান আলীয়ে পৰৱৰ্তী সময়ত গৰু খুঁটিত চলা উচ্ছেদৰ সময়ত শ্বেৰমান অসম আন্দোলনৰ ছহিদসকলক অপমান কৰি চূড়ান্ত সীমা অতিক্ৰম কৰিছিল। ইয়াৰ পিছতে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে শ্ব'কজ জাৰি কৰি পৰিৱৰ্তিসময়ত দলৰ পৰা নিলম্বন কৰিছিল।

একেদৰে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে বিজেপিত যোগদান নকৰাকৈয়ে চৰকাৰৰ পক্ষত অৱস্থান কৰি এক প্ৰকাৰে ইতিমধ্যে বিজেপিত চামিল হৈছে। কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা এইগৰাকী বিধায়ককো ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰিছে।

কংগ্ৰেছ দলৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই দুই বিধায়কৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে আৱেদন দাখিল কৰিছিল। সেই আৱেদনৰ ভিত্তিতে আজি অসম বিধানসভাত চলি আছে শুনানি। এই শুনানিৰ অন্তত দুয়ো বিধায়কৰ বিধায়ক পদ খাৰিজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।

sherman ali assam assembly sashi kanta das